অসম

assam

By

Published : May 28, 2021, 10:15 PM IST

ETV Bharat / state

টীয়কত অসম যুৱ পৰিষদৰ উদ্যোগত চেনিটাইজেশ্বন

যোৰহাট জিলাৰ টীয়কত শেহতীয়াকৈ কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত অসম যুৱ পৰিষদে গ্ৰহণ কৰিছে চেনিটাইজেশ্বনৰ ব্যৱস্থা ৷ স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ উপস্থিতিত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোঁহাই, সম্পাদক প্ৰাণজিত হাজৰিকা, টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াৰ সহযোগিতাত ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি টীয়কৰ ঠায়ে ঠায়ে চেনিটাইজ কৰা হয় ৷

AGP SANITIZATION
টীয়কত অসম যুৱ পৰিষদৰ উদ্যোগত চেনিটাইজেচনৰ কাৰ্যসূচী

টীয়ক,২৮ মে':ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ ৷ আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস হৈছে যদিও মৃত্যুৰ হাৰ বৃদ্ধি হোৱাত শংকিত ৰাজ্যবাসী । ইয়াৰ মাজতে প্ৰশাসন তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে এতিয়াও অব্যাহত ৰাখিছে কৰ'ণা প্ৰতিৰোধৰ বিভিন্ন ব্যৱস্থা ।

যোৰহাট জিলাৰ টীয়কত শেহতীয়াকৈ কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত অসম যুৱ পৰিষদে গ্ৰহণ কৰিছে চেনিটাইজেশ্বনৰ ব্যৱস্থা । স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ উপস্থিতিত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোঁহাই, সম্পাদক প্ৰাণজিত হাজৰিকা, টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াৰ সহযোগিতাত ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি টীয়কৰ ঠায়ে ঠায়ে চেনিটাইজ কৰা হয় ।

অসম যুৱ পৰিষদৰ উদ্যোগত হোৱা এই কাৰ্যসূচীত টীয়কৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, টীয়ক আৰক্ষী থানা, চিকিৎসালয়ৰ লগতে টীয়কৰ এটিএম সমূহ চেনিটাইজ কৰাৰ লগতে সকলোকে ৰাজনীতিৰ মেৰপাকৰ পৰা ওলাই আহি এই বিপদৰ সময়ত ৰাইজক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে চৰকাৰী সকলো ক'ভিড বিধি অৱলম্বন কৰিবলৈ আহ্বান জনাই উদ্যোক্তাসকলে ।

লগতে পঢ়ক:কেনেকৈ মৃত্যুক সাৱতি লৈছিল ৰহাৰ শিখামণি বৰাই ?

ABOUT THE AUTHOR

...view details