টীয়কত ছাত্ৰ সন্থাৰ মুকলি বিহু উদযাপন - bihu celebration
মঙলবাৰে টীয়কত ছাত্ৰ সন্থাৰ মুকলি বিহু উদযাপন৷ ছাত্ৰ সন্থাই পঞ্চাশ হাজাৰ থলুৱা গামোচা বৈ উলিওৱাৰ সিদ্ধান্ত
টীয়ক,16 এপ্ৰিলঃ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত টীয়ক হাইস্কুল খেলপথাৰত বিগত বছৰৰ দৰে এইবাৰো আয়োজন কৰা হয় মুকলি বিহু। মঙলবাৰে কেইবাটাও আগশাৰীৰ হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰা বিহুৰ বাকৰিত ছাত্ৰ সন্থাই জেষ্ঠজনৰ লগতে সামাজিক ক্ষেত্ৰখনত জড়িত সকলক বিহুৱান প্ৰদানেৰে আৰ্শীবাদ লয় ৷ লগতে বিহুৰ বাকৰিত সমূহীয়াভাৱে জলপান খোৱাৰ ব্যবস্থা কৰে । ইপিনে এই মুকলি বিহুৰ বাকৰিত ছাত্ৰ সন্থাই এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে ৷ এই অনুষ্ঠানত টীয়কৰ তিনিগৰাকী সুযোগ্য সন্তান ক্ৰমে ডঃ মন্টু কুমাৰ বৰা, ডঃ জয়ন্ত পাঠক আৰু লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীর্ণ হিমাদ্ৰী বৰাক সম্বৰ্দ্ধনা জনোৱা হয় । উল্লেখ্য যে মঙলবাৰে যোৰহাট জিলা ছাত্ৰ সন্থাই আত্মসহায়ক গোটৰ শিপিনীৰ জড়িয়তে চলিত বছৰটোত পঞ্চাশ হাজাৰ অসমীয়াৰ স্বাভিমান গামোচা বৈ উলিওৱাৰ সংকল্প গ্ৰহণ কৰিছে ।