অসম

assam

ETV Bharat / state

দেৰগাঁও বাছ দুৰ্ঘটনা: আৰ্তজনৰ কাষত অসম সেনা-আছু - বালিজান পথ দুৰ্ঘটনা

Dergaon bus accident: দেৰগাঁৱৰ বাছ দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকাসকলৰ মাজত আহাৰ বিতৰণ অসম সেনা আৰু আছুৰ ৷

aasu asom sena distribute food among dergaon bus accident victim at jmch
আহাৰ বিতৰণ

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 9:09 PM IST

আহাৰ বিতৰণ

যোৰহাট, 4 জানুৱাৰী : দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ প্ৰায় ত্ৰিশজনতকৈও অধিক লোক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ বৃহস্পতিবাৰে মানৱদৰদী চিন্তাৰে অসম সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈ, সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদিকা নীহাৰিকা শইকীয়াৰ নেতৃত্বত অসম সেনাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু ছাত্ৰ সন্থা মাৰোৱাড়ী যুৱ মঞ্চৰ সহযোগত এটি সঁজাতি দল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় ৷ দুৰ্ঘটনাটোত আহতসকল, আহতসকলক সংগ দিয়া আত্মীয়সকল আৰু দিন-ৰাতি একাকাৰ কৰি সেৱা আগবঢ়োৱা চিকিৎসাকৰ্মী, সুৰক্ষা কৰ্মীসকলকে ধৰি প্ৰায় ডেৰ শতাধিক লোকৰ মাজত এসাঁজ আহাৰ বিতৰণ কৰে তেওঁলোক একেলগ হৈ ৷

এক বিবৃতিত অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে কয়, ‘মৰ্মান্তিক, হৃদয়বিদাৰক দুৰ্ঘটনাটোৱে সমগ্ৰ অসমবাসীকে শোকস্তব্ধ কৰি তুলিছে ৷ অকাল দুৰ্যোগৰ এই জটিল সন্ধিক্ষণত জাতীয় সংগঠন হিচাপে আমি আমাৰ দায়িত্ব পালন কৰিছোঁ, আহতসকলৰ বাবে প্ৰয়োজনীয় ৰক্তও আমি মজুদ কৰি ৰাখিছোঁ ৷ আৰ্তসকলক শাৰীৰিক আৰু মানসিকভাৱে সকলোধৰণৰ সহায় কৰিবলৈ আমি বদ্ধপৰিকৰ ৷’

একেটা বিবৃতিতে আছুৰ সাহিত্য সম্পাদিকা নীহাৰীকা শকীয়াই কয়, ‘আছু আৰু অসম সেনাই আহতসকলৰ স্বাস্থ্য সম্পৰ্কত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত প্ৰতিসময়তে যোগাযোগ ৰাখিছোঁ, স্বাস্থ্যকৰ্মীসকলেও এই মুহূৰ্তলৈকে চিকিৎসাৰ ক্ষেত্ৰত পাৰ্য্যমানে যত্ন লোৱা পৰিলক্ষিত হৈছে, আহতসকলৰ আশু আৰোগ্য কামনাৰে আলোকময়ৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷’

আহাৰ বিতৰণ কাৰ্যসূচীটোত ‘আছু’ৰ আন এটি ভাতৃ সংগঠন অসম উন্নতি সভাৰ অন্যতম সম্পাদক জুল খাউণ্ড উপস্থিত থাকি আহতসকলৰ খা-খবৰ লৈ স্বাস্থ্যৰ সম্পৰ্কত বুজ লয় ৷ আহাৰ বিতৰণ কাৰ্যসূচীটোত অসম সেনাৰ যোৰহাট জিলা সমিতিৰ মুখ্য আহ্বায়ক অৰূপ পূজাৰীকে ধৰি অমৰ বৰুৱা, ৰবি শংকৰ শৰ্মা, মাৰোৱাড়ী যুৱ মঞ্চৰ উমেশ পাৰিক আদি উপস্থিত থাকে ৷ আহতসকলৰ লগত থকা আত্মীয়সকলে অসম সেনা, আছুৰ এই মানৱীয় পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে এবাৰ ৰাজপথেৰে ডিব্ৰুগড়লৈকে ভ্ৰমণ কৰক: ৰাণা গোস্বামী

ABOUT THE AUTHOR

...view details