অসম

assam

ETV Bharat / state

জাঁজী টি কোম্পানীৰ ভূমি বেদখলমুক্ত কৰাৰ দাবীৰে আছাৰ প্ৰতিবাদ - জাঁজী টি কোম্পানীৰ ভূমি বেদখলমুক্ত কৰাৰ দাবীৰে আছাৰ প্ৰতিবাদ

জাঁজী টি কোম্পানীৰ ভূমি বেদখল কৰাৰ অভিযোগত মঙলবাৰে প্ৰতিবাদত বহিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চেলেংহাট আঞ্চলিক সমিতি ৷

আছাৰ প্ৰতিবাদ
আছাৰ প্ৰতিবাদ

By

Published : Dec 22, 2020, 5:20 PM IST

টীয়ক, 22 ডিচেম্বৰ: মঙলবাৰে কলিয়াপানী শনিবৰীয়া সাপ্তাহিক বজাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চেলেংহাট আঞ্চলিক সমিতিয়ে ৷ জাঁজী টি কোম্পানীৰ ভূমি বেদখল কৰাৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিলে সংগঠনটোৱে ৷

জাঁজী টি কোম্পানীৰ ভূমি বেদখলমুক্ত কৰাৰ দাবীৰে আছাৰ প্ৰতিবাদ

অভিযোগ অনুসৰি, বিগত বহু দিন ধৰি জাঁজী টি কোম্পানীৰ অধীনত থকা ভূমি বেদখলক লৈ বিভিন্ন দল সংগঠনৰ লগতে আদিবাসী ছাত্ৰ সন্থাই অতি শীঘ্ৰেই সেই ভূমি বেদখলমুক্ত কৰিবলৈ দাবী জনাই আহিছে ৷ তৎসত্বেও এই পৰ্যন্ত তেওঁলোকে পোৱা নাই কোনো ধৰণৰ সুফল ৷ যাৰ বাবে মঙলবাৰে সংগঠনটোৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি পুনৰ ভূমি বেদখলমুক্ত কৰিবলৈ সকীয়নি প্ৰদান কৰে ৷ তেওঁলোকৰ দাবী মানি নল'লে অতি শীঘ্ৰেই গণতান্ত্ৰিক আন্দোলন তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক:যোৰহাটৰ ৰাজপথত চাকৰি বিচাৰি প্ৰতিবাদ

ABOUT THE AUTHOR

...view details