যোৰহাট, 12 ফেব্ৰুৱাৰীঃএক জীৱন সংগ্ৰাম, সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে যোৰহাটৰ এগৰাকী ছাত্ৰী ৷ ছাত্ৰী গৰাকীৰ নাম পূজা শৰ্মা ৷ যাৰ আছে জীৱন সংগ্ৰামত হাৰ নমনা অদম্য সাহস ৷ সেয়েহে হাজাৰ বাধা নেওচিও পদপথতে অধ্যয়ন কৰি পূজাই ১০ ফেব্ৰুৱাৰী পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাক অৱতীৰ্ণ হৈছে ৷
পদপথত অধ্যয়ন কৰিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি এগৰাকী ছাত্ৰীৰ
যোৰহাটৰ জেইল ৰোডৰ এটা পদপথত অধ্যয়ন কৰি পূজা শৰ্মা নামৰ ছাত্ৰী গৰাকীয়ে, নিজকে সাজু কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ৷
পূজাৰ মাতৃ বৈজয়ন্তী দেৱী যোৰহাটৰ জেইল ৰোডৰ মা লক্ষী হোটেলৰ এগৰাকী কৰ্মচাৰী ৷ পুৱাৰ ভাগতে পূজা মাতৃৰ সৈতে যোৰহাটৰ পুলিবৰ পৰ্বতীয়া গাঁৱৰ ঘৰৰ পৰা আহে আৰু পূজাৰ গীতাৰ্থী বালিকা বিদ্যালয়ত থৈ নিজৰ কৰ্মস্থলীলৈ যায় মাতৃ ৷ বিদ্যালয় ছুটি হোৱাৰ পাচত পূজাৰ বাবে পদপথেই হৈ পৰে পঢ়াশালি ৷ নিত্য জেইল ৰোডৰ পদপথ এটাত পূজাই অধ্যয়ন কৰি নিজকে সাজু কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ৷ অদম্য সাহসী পূজাৰ যোৰহাট জগ্ননাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰি এগৰাকী সু-চিকিৎসক অথবা এগৰাকী শিক্ষয়ত্ৰী হোৱাৰ ইচ্ছা অনাগত ভৱিষ্যতত ৷