অসম

assam

ETV Bharat / state

লক ডাউনৰ মাজতে যোৰহাটৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ - মজলীয়া বিদ্যালয়ৰ শিক্ষক

ন-আলি ঢেকিয়াজুলি সোনাৰী গাঁৱ মজলীয়া বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী ব্যস্ত পৰিস্কাৰ কৰাত ৷

as_jrt_15may_a_clean_school_story_vis_byte_7203853
লক ডাউনৰ মাজতে যোৰহাটৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ

By

Published : May 15, 2020, 7:03 PM IST

যোৰহাট15মেঃ লক ডাউনৰ সময়ছোৱাত বিভিন্ন জনে বিভিন্ন ধৰণে অতিবাহিত কৰিছে সময় ,এনেদৰে অতিবাহিত কৰা সময়খিনি বহু লোকে ছচিয়েল মিডিয়াত দি নিজৰ লগতে আনকো দি আহিছে বিনোদন। কিন্তু যোৰহাটৰ এখন বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰে কেনেদৰে লক ডাউনৰ সময়খিনি অতিবাহিত কৰিছে সময়খিনি, চাওক আমাৰ এক প্ৰতিবেদন।কৰ্মস্থলী মন্দিৰৰ সমান আৰু কৰ্ম ই যে পুজা সেই কথা দেখিবলৈ পোৱা গৈছে যোৰহাটৰ এখন বিদ্যালয়ত। প্ৰায় ৬০ দিন পাৰ হল লক ডাউনৰ এই ৬০ দিনত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে আন সকলো অনুষ্ঠান প্ৰতিস্থান বন্ধ হৈ আছে ইয়াৰ ব্যক্তিক্ৰম হোৱা নাই শিক্ষানুষ্ঠান সমূহ।

লক ডাউনৰ মাজতে যোৰহাটৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ
সেই সময়তে যোৰহাটৰ এখন চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ যোৰহাটৰ ন-আলি ঢেকিয়াজুলি সোনাৰী গাঁৱ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীয়ে দৈনিক পুৱা উপস্থিত হয় বিদ্যালয় খনত। উপস্থিত হৈ ব্যস্ত হৈ পৰে বিদ্যালয় চৌহদ পৰিষ্কাৰ কৰাত হাতে হাতে ঝাৰু,বাঢ়নি লৈ নামি পৰে বিদ্যালয় খন পৰিষ্কাৰ কৰাত। যিসময়ত চৰকাৰী বিদ্যালয়ৰ বহু শিক্ষক, কৰ্মচাৰী সকলে বিদ্যালয়ৰ প্ৰতি উন্নয়নৰ প্ৰতি পিঠি দি আহিছে তেনে সময়তে এই বিদ্যালয়ৰ শিক্ষকৰ লগতে কৰ্মচাৰী সকলে কৰা এই কৰ্ম ই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
লক ডাউনৰ মাজতে যোৰহাটৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ

বিদ্যালয় খনৰ প্ৰধান শিক্ষক কৈলাস বৰদলৈয়ে জনোৱা মতে বিদ্যালয় খনত বৰ্তমানে ৩১৬ জনকৈ ছাত্ৰ ছাত্ৰী আছে।বিদ্যালয় পৰিচালনা সমিতিয়ে চলোৱা প্ৰাক প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীৰ লৈকে বিদ্যালয় খনত ছাত্র ছাত্ৰী সংখ্যা এক উল্লেখযোগ্য দিশ। যোৰহাটৰ ন-আলি ঢেকিয়াজুলি সোনাৰী গাৱ মজলীয়া বিদ্যালয় এতিয়া যোৰহাটৰ বাবেই নহয় ৰাজ্যখনৰ আন আন চৰকাৰী বিদ্যালয় সমুহৰ বাবে এক আৰ্দশৰ কাৰণ হৈ পৰিছে ৷

লগতে পঢ়কঃ পুনৰ দুসপ্তাহৰ বাবে লক ডাউন বৃদ্ধিৰ পোষকতা অসম চৰকাৰৰ : মুখ্যমন্ত্ৰী সোণোৱাল

ABOUT THE AUTHOR

...view details