অসম

assam

By

Published : Jul 31, 2020, 8:13 AM IST

ETV Bharat / state

মৰিয়নীত পুনৰ 16 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ

মৰিয়নীত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড-19ৰ সংক্ৰমণ । ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফলত 16 গৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ উপস্থিতি ৷ অঞ্চলজুৰি তীব্ৰ আতংক ৷

16 new corona positive cases at Mariani
মৰিয়নীত পুনৰ 16 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ

মৰিয়নী, 31 জুলাই : যোৰহাটৰ মৰিয়নীত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা । গণসংক্ৰমণৰ আশংকা কৰি যোৰহাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে মৰিয়নীত ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰে । মৰিয়নী মহাবিদ্যালয়ৰ বাণিজ্য শাখাত আয়োজিত এই ৰেপিড এণ্টিজেন টেষ্টত মুঠ 77 গৰাকী লোকৰ স্বাৱ পৰীক্ষা সম্পন্ন কৰা হয় ।

পৰীক্ষা সম্পন্ন কৰাসকলৰ ভিতৰত 16 গৰাকী লোক ক’ভিড পজিটিভ বুলি চিনাক্ত কৰা হয় । মৰিয়নী নগৰৰ 4 নং ৱাৰ্ডৰ এগৰাকী আৰু 1 নং ৱাৰ্ডৰ কেনেডী পাৰ্ক অঞ্চলৰ নিবাসী 14 গৰাকীকৈ লোক আক্ৰান্ত হৈছে ক’ভিড-19ত । ইয়াৰ সমান্তৰালকৈ মৰিয়নীত মুঠ আক্ৰান্তৰ সংখ্যা 68 গৰাকীলৈ বৃদ্ধি পাইছে । অৱশ্যে অধিকাংশ আক্ৰান্ত লোকৰে সংক্ৰমনৰ সৈতে যোগসূত্ৰ থকা বুলি জানিব পৰা গৈছে ।

মৰিয়নীত পুনৰ 16 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ

আনহাতে, আক্ৰান্তসকলৰ 13 জনকৈ লোক এটা পৰিয়ালৰ সম্পৰ্কীয় লোক । ইয়াৰ পূৰ্বে পৰিয়ালটোত আক্ৰান্ত হোৱা অৰূপ কৰ্মকাৰ নামৰ সদস্য গৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷ শেহতীয়াকৈ আক্ৰান্ত ৰোগীসকলক ইতিমধ্যে তিতাবৰ এফ আৰ ইউ আৰু নকছাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইফালে ঘটনা সংক্ৰান্তত অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : কৰ'ণাৰ মাজতেই এইবাৰ জাপানীজ এনকেফেলাইটিজৰ আতংক

ABOUT THE AUTHOR

...view details