তিতাবৰ, 1 জুন : সোমবাৰে তিতাবৰত এগৰাকী 11 বছৰীয়া কিশোৰীৰ মৃত্যুক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ জানিব পৰা মতে,অঞ্চলটোৰ এগৰাকী 11 বছৰীয়া কিশোৰী জ্বৰ আৰু পেটৰ বিষত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছতে ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ আতংকৰ ৷ নিশাৰ ভাগত হঠাৎ জ্বৰ আৰু পেটৰ বিষত আক্ৰান্ত হৈ মৃত্যু হোৱা যুৱতী গৰাকীক লৈ যোৱা হৈছিল তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পিছতে ৰাইজৰ মাজত কৰ'ণা সন্দেহত মৃত্যু হোৱা বুলি আতংকিত হৈ পৰে ৷
পৰৱৰ্তী সময়ত চিকিৎসকে মৃত কিশোৰী গৰাকীক মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে পৰামৰ্শ দিয়ে যদিও পৰিয়ালৰ লোকে মৰোণোত্তৰ পৰীক্ষা নকৰাকৈ ঘৰলৈ উভতাই অনা বুলি অভিযোগ উখাপন কৰে ৷