হোজাই, 29 জুন:হোজাই জিলাৰ বনগাঁৱত বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰিছে ৷ জিলাখনত বানৰ সংহাৰৰ মাজতেই ভূতৰ ওপৰত দানহ পৰাদি বন্যহস্তীৰ তাণ্ডৱে আতংকিত কৰিছে লোকসকলক ৷ খাদ্যৰ সন্ধানত ওলাই অহাবন্যবস্তীৰ এটা জাকে প্ৰাথমিক বিদ্যালয়ত মজুত কৰি ৰখা মধ্যাহ্ন ভোজনৰ চাউল বিচাৰি বিদ্যালয়খন ভাঙি লণ্ডভণ্ড কৰে (Wild elephant hits primary school in Hojai) ৷
লামডিং বনাঞ্চলৰ সমীপৱৰ্তী গোঁসাই গাঁও বনগাঁৱৰ একমাত্ৰ চৰকাৰী শিক্ষানুষ্ঠান গোঁসাইগাঁও শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়খনত মঙলবাৰে নিশা বন্যহস্তীয়ে আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, নিশা প্ৰায় 1 মান বজাত বনৰীয়া হাতীৰ এটা জাকে বিদ্যালয়খনত মজুত কৰি ৰখা মধ্যাহ্ন ভোজনৰ চাউল বিচাৰি দুয়োটা ভৱনৰ কোঠাৰ লোহাৰ খিৰিকী আৰু পকী ৱাল ভাঙি পেলায় ৷
উল্লেখ্য যে বৰ্তমানলৈ এই বিদ্যালয়খনত তিনিবাৰকৈ বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰি আহিছে ৷ ইয়াৰোপৰি বন্যহস্তীৰ জাকটোৱে বিগত সময়ছোৱাত নিয়মিতভাৱে কেবাঘৰো স্থানীয় গঞা ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খেতি পথাৰৰ শস্য খাই তহিলং কৰিছে ৷