অসম

assam

By

Published : Jun 12, 2022, 9:56 PM IST

ETV Bharat / state

ষড়যন্ত্ৰ নে আন কিবা : বিতৰ্ক শেষ হোৱা নাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সংগীতৰ

এতিয়াও চৰ্চাত হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ দিনা পৰিবেশিত থীম চঙৰ বিতৰ্ক ৷ এই বিতৰ্ক সন্দৰ্ভত এইবাৰ মুখ খুলিছে বিশ্ববিদ্যালয়খনৰ উপাচার্যগৰাকীয়ে ৷ ‘‘বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ দিনা থীম চঙটোৰ অসমীয়াৰ অনুবাদত বহু ভুল থকাৰ বাবেহে বঙালী সংস্কৰণটো বজাৱা হ’ল’’ ৷ এইবুলি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে ৷

ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ প্ৰতিক্ৰিয়া
ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ প্ৰতিক্ৰিয়া

হোজাই, 12 জুন :পুনৰ চৰ্চাত হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় (Hojai Rabindranath Tagore University) ৷ এতিয়াও মাৰ যোৱা নাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ দিনা থীম চঙৰ পৰিৱৰ্তে ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰা ঘটনাৰ প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত এতিয়া মুখ খুলিছে বিশ্ববিদ্যালয়খনৰ উপাচার্যগৰাকীয়ে ৷

‘‘বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ দিনা থীম চঙটোৰ অসমীয়াৰ অনুবাদ বহু ভুল হৈ আছিল ৷ সেয়েহে বঙালী সংস্কৰণটো বজালো’’ । দেওবাৰে হোজাই জিলা শাখা সাহিত্য সভাৰ এক সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে ৷

হোজাই জিলা সাহিত্য সভা

উল্লেখ্য যে, যোৱা ১ জুনত আছিল মহাবিদ্যালয়ৰ পৰা সদ্য উন্নীতকৰণ হোৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (Foundation Day of Hojai Rabindranath Tagore University) । সেই মৰ্মে এই অনুষ্ঠানটোৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছিল এক থীম চং ।

কিন্তু অনুষ্ঠানৰ সময়ত বিশেষ থীম চঙটোৰ পৰিৱৰ্তে পৰিৱেশন কৰা হ’ল ৰবীন্দ্ৰ সংগীত । ইয়াকে লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । আনকি অসমীয়া ভাষা-সংস্কৃতিক অৱজ্ঞা কৰাক লৈ ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ড৹ অমলেন্দু চক্ৰৱৰ্তীক বিভিন্ন মহল তথা দল সংগঠনে গৰিহণা দিয়া পৰিলক্ষিত হয় ।

ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ প্ৰতিক্ৰিয়া

ইফালে দেওবাৰে হোজাই জিলা সাহিত্য সভাৰ উদ্যোগত হোজাইৰ সাহিত্যৰথী বেজবৰুৱা ভৱনত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানতে হোজাই জিলা সাহিত্য সভাৰ সভাপতি অনুপ বৰঠাকুৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্যগৰাকীক প্ৰতিষ্ঠা দিৱসৰ উক্ত ঘটনা সন্দৰ্ভত দাখিল কৰে এক পত্ৰও ৷

উপাচাৰ্যগৰাকীয়ে কয়, ‘‘মই অসমীয়াৰ বিৰোধী হ’লে মোক হোজাই সাহিত্য সভাকে ধৰি অসম সাহিত্য সভাই ইমান সম্বৰ্দ্ধনা নিদিয়ে । আগতে বিষয় শিক্ষকসকল ১২ বজাত বিশ্ববিদ্যালয়লৈ আহিছিল ৷ এতিয়া মই তেওঁলোকৰ ৰেজিষ্টাৰ বিচৰাত মোৰ প্ৰতি সকলো বিৰোধী’’ ৷ 1 জুনৰ ঘটনাক পূৰ্ব পৰিকল্পিত ষড়য়ন্ত্ৰ আখ্যা দিয়ে উপাচাৰ্যগৰাকীয়ে ৷

লগতে পঢ়ক :হোজাইৰ RTU ত থীম চঙৰ পৰিৱৰ্তে ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details