অসম

assam

ETV Bharat / state

লামডিঙৰ পৰা আৰম্ভ হ’ল “ভেকচিন অন হুইলচ” - হুইলচ

ভেকচিনৰ বাবে লামডিঙত এখন বিশেষ ৰে’ল । প্ৰথম পৰ্যায়ত লামডিং আৰু হোজাইৰ মাজত থকা প্ৰতিটো সৰু ডাঙৰ ষ্টেচনত ৰে’লৱেৰ কৰ্মচাৰীসকলক সাঙুৰি ল’ব এই বিশেষ ভেকচিন প্ৰক্ৰিয়াত ৷

vaccine-on-wheels-special-railway-started-from-lumding
লামডিঙৰ পৰা আৰম্ভ হ’ল “ভেকচিন অন হুইলচ” বিশেষ ৰে’ল

By

Published : Jul 16, 2021, 1:36 PM IST

হোজাই, 16 জুলাই : ক’ভিড মহামাৰীৰ সময়ত ভয়াৱহভাৱে যি সংক্ৰমণ হৈছে সেই সংক্ৰমণৰ প্ৰতি লক্ষ্য় ৰাখি সমগ্ৰ ৰাজ্য়তে আৰম্ভ হৈছে ভেকচিন প্ৰক্ৰিয়া ৷ বিগত 24 ঘণ্টাত ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 1992 গৰাকী লোক । এই সময়ছোৱাত 1,20,908 টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয় । কামৰূপ মেট্ৰ’ত বিগত 24 ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে 263 গৰাকী লোক ।

লামডিঙৰ পৰা আৰম্ভ হ’ল “ভেকচিন অন হুইলচ” বিশেষ ৰে’ল

ৰাজ্যৰ ভিন্ন প্ৰান্তত ভেকচিনৰ অভাৱ পৰিলক্ষিত হোৱাৰ সমান্তৰালকৈ কোনো কোনো ঠাইত আৰম্ভ হৈছে বিশেষ ভেকচিনেশ্যন প্ৰক্ৰিয়া ৷ লামডিং ৰে’ল ষ্টেচনৰ পৰা ৰে’ল বিভাগে বৃহস্পতিবাৰে উদ্বোধন কৰিলে এখন বিশেষ ৰে’ল ৷ ভি অ’ ডব্লিউ এক্সপ্ৰেছ (VOW Express) অৰ্থাৎ ভেকচিন অন হুইলচ (Vaccine on Wheels) নামৰ বিশেষ ৰে’লখন লামডিং ৰে’ল বিভাগৰ মাণ্ডলিক প্ৰৱন্ধকে বৃহস্পতিবাৰে উদ্বোধন কৰে ৷ ভাৰতীয় ৰে’লৱেই পোন প্ৰথমবাৰৰ বাবে লামডিঙৰ পৰা শুভাৰম্ভণি কৰিলে এই বিশেষ ভেকচিনেশ্যন ৰে’লখনৰ ৷

এই ৰে’লখনে সৰু সৰু ষ্টেচনসমূহত কৰ্মৰত ৰে’লৱেৰ কৰ্মচাৰীসকলক ক’ভিড প্ৰতিশেধক প্ৰদান কৰিব ৷ প্ৰথম পৰ্যায়ত লামডিং আৰু হোজাইৰ মাজত থকা প্ৰতিটো সৰু ডাঙৰ ষ্টেচনত ৰে’লৱে কৰ্মচাৰীসকলক সাঙুৰি লোৱা হ’ব এই প্ৰক্ৰিয়াত ৷ কৰ্তব্যত থাকি যাতে কোনো কৰ্মচাৰী ভেকচিনেশ্যনৰ পৰা বিৰত থাকিব নোৱাৰে তাৰ বাবেই ৰে’ল বিভাগে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷

ৰে’ল বিভাগ তথা হোজাই জিলা স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত এই ব্যৱস্থা গ্ৰহন কৰা হৈছে ৷ বৃহস্পতিবাৰৰ এই অনুষ্ঠানত ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগতে জিলাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলো উপস্থিত থাকে ৷ বৃহস্পতিবাৰে প্ৰায় 250 গৰাকী কৰ্মচাৰীক ভেকচিন প্ৰদান কৰা হয় ৷ লামডিং ৰে’ল বিভাগে লোৱা এই উদ্যোগে সকাহ দিব ৰে’লৱে কৰ্মচাৰীসকলক ৷

লগতে পঢ়ক:ক’ভিডৰ RTPCR পৰীক্ষাৰ নামত ভুৱা ৰিপ’ৰ্ট প্ৰদানৰ অভিযোগ

ABOUT THE AUTHOR

...view details