অসম

assam

By

Published : Aug 29, 2020, 9:30 AM IST

ETV Bharat / state

লামডিং ৰেলৱে' চিকিৎসালয়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি

চিকিৎসকে ক’ভিড-19 পৰীক্ষা কৰাত পজিটিভ ৰিপৰ্ট আহে দুয়োগৰাকী ৰোগীৰ ৷ চিকিৎসাধীন হৈ থকা অৱস্থাতে দুয়োগৰাকী ৰোগীৰ মৃত্যু ঘটে ৷ সম্প্ৰতি চিকিৎসালয়খনত পৰিয়ালৰ লোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

Unpleasant situation in Lumding Railway Hospital
লামডিঙ ৰেলৱে চিকিৎসালয়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি

হোজাই, 29 আগষ্টঃলামডিং ৰেলৱে' চিকিৎসালয়ত এক অপ্ৰীতিকৰ পৰিস্থিতি । দুগৰাকী কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতি । জৰংদিচাৰ খেম বাহাদুৰ (৫৪) আৰু ব্ৰীগফিল্ডৰ দিপ্তী দাস (৫২) নামৰ দুয়োজন ৰোগীৰ মৃত্যু হৈছিল ।

লামডিঙ ৰেলৱে চিকিৎসালয়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি
উল্লেখযোগ্য যে, দুয়োগৰাকী ৰোগী অসুস্থ হোৱাত লামডিং ৰেলৱে' চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে ৷ চিকিৎসকে ক’ভিড-19 পৰীক্ষা কৰাত পজিটিভ ৰিপৰ্ট আহে দুয়োগৰাকী ৰোগীৰ ৷ ইপিনে চিকিৎসাধীন হৈ থকা অৱস্থাতে দুয়োগৰাকী ৰোগীৰ মৃত্যু ঘটে । কিন্তু আশ্চৰ্য্যজনক বিষয় যে, দুয়োগৰাকী লোকৰ মৃত্যু হোৱাৰ পিচতো মৃতদেহ চিকিৎসালয়খনতে আছে বুলি জানিব পৰা গৈছে ৷ ইপিনে খেম বাহাদুৰক মিছাকৈ ক'ৰণা পজিটিভ সজোৱাৰ বাবেই মৃত্যু সংঘটিত হয় বুলি পৰিয়াল লোকে বিষ্ফোৰক অভিযোগ কৰিছে ৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷
লামডিঙ ৰেলৱে চিকিৎসালয়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি
লগতে পঢ়কঃগণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী ঘনশ্যাম দাসৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details