হোজাই,9 মে’:হোজাইৰ লংকা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা ক’ভিড ভেকচিন কেন্দ্ৰত শনিবাৰে সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতি ৷ কেন্দ্ৰটোত 18-44 বছৰৰ বয়সৰ লোকসকলক নিয়মিতভাৱে ভেকচিন প্ৰদান কৰি আহিছে, যদিও বিয়লি ভাগত কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷
কেন্দ্ৰটোৰ স্বাস্থ্য কৰ্মীয়ে জনোৱা মতে, ৰবি কুমাৰ দেডৱানিয়া নামৰ লোকজনে 7597778... নম্বৰেৰে দিনটোৰ শেষ মুহুৰ্তত ভেকচিন ল’বলৈ যায় ৷ ব্যক্তিজনে ভেকচিন লবলৈ বিচাৰে, কিন্তু স্বাস্থ্য কৰ্মীয়ে ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে ৷ লগতে তেওঁৰ অনলাইনত গ্ৰহণৰ দিন নহয় বুলি কোৱাত ৰবি কুমাৰে উদ্যত হৈ স্বাস্থ্য কৰ্মীসকলক অশালীন ব্যৱহাৰ কৰে ৷ পৰৱৰ্তী সময়ত লোকজনে স্বাস্থ্য কৰ্মীসকলক মাৰ-ধৰ কৰিবলৈ উদ্যত হয় ৷