হোজাই 23 জুনঃ শনিবাৰে সদৌ অসম সংখ্যা সংখ্যালঘু ছাত্ৰ ইউনিয়ন( আমছু)ৰ হোজাই জিলা সমিতিৰ অন্তৰ্গত মোৰাঝাৰ আঞ্চলিকৰ যৌথ উদ্যোগত সজাগতামূলক সমদল বাহিৰ কৰা হয় ৷ এই সজাগতা সমদল কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সহ সম্পাদক গিয়াছ উদ্দিন তাপাদাৰ আৰু হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক কবিৰ আহমেদ লস্কৰ ৷
হোজাইৰ আমছুৰ উদ্যোগত সজাগতা সমদল - সমদল
শনিবাৰে সদৌ অসম সংখ্যা সংখ্যালঘু ছাত্ৰ ইউনিয়ন( আমছু)ৰ হোজাই জিলা সমিতিৰ অন্তৰ্গত মোৰাঝাৰ আঞ্চলিকৰ যৌথ উদ্যোগত সজাগতামূলক সমদল বাহিৰ কৰা হয় ৷ এই সজাগতা সমদল কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সহ সম্পাদক গিয়াছ উদ্দিন তাপাদাৰ আৰু হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক কবিৰ আহমেদ লস্কৰ ৷
হোজাইৰ আমছুৰ উদ্যোগত সজাগতা সমদল
এই অনুষ্ঠানত সাধাৰণ সম্পাদক কবিৰ আহমেদ লস্কৰে সজাগতা সমদলৰ উদ্দেশ্য ব্যাখা কৰি কয় যে সমাজৰ পৰা অপৰাধমূলক কাৰ্য্য প্ৰতিৰোধ কৰা, অন্ধবিশ্বাস, কু সংস্কাৰ দূৰ কৰা, প্ৰতি ঘৰত শিক্ষা সুনিশ্চিত কৰা, বাল্য বিবাহ বন্ধ কৰা, জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰা, দুটিতকৈ বেছি সন্তান জন্ম দিয়া বন্ধ কৰা, নাৰী সবলীকৰণ কৰা ৷ এই সজাগতা সমদল সমগ্ৰ অসমৰ লগতে হোজাইৰ মোৰাঝাৰ অঞ্চলটোত বাহিৰ কৰা হয়৷