অসম

assam

লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা ; নিহত এজন

লামডিং-লংকা সংযোগী 27 নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ জেনন পিক আপ ভানে নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰাৰ ফলত এজন থিতাতে নিহত হোৱাৰ লগতে আহত হয় আন 10 জন লোক ৷ সম্প্ৰতি পলাতক অৱস্থাত আছে গাড়ীখনৰ চালক ৷

By

Published : Sep 20, 2020, 11:03 AM IST

Published : Sep 20, 2020, 11:03 AM IST

Road accident in Lumding
লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা

লামডিং, 20 ছেপ্তেম্বৰ: শনিবাৰে নিশা লামডিং-লংকা সংযোগী 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ AS-25BC-2606 নম্বৰৰ এখন জেনন পিক আপ ভানে নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰাৰ ফলত থিতাতে নিহত হয় এজন লোক ।

আনহাতে, গুৰুতৰভাৱে আহত হৈছে ভানখনত থকা অন্য 10 জন লোক ৷ নিহত লোকজন ডবকা মদাৰতলিৰ চাৰিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ৷

লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰাপ্ত তথ্য অনুসৰি, আহত লোককেইজন ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কামত নিয়োজিত হৈ আছিল ৷ লামডিঙৰ পৰা পানী নিবলৈ গৈ থকা অৱস্থাতে চালকৰ উদ্ভাণ্ডালিত বাহনখন বাগৰি পৰি এই দুৰ্ঘটনা সংঘটিত হয় ৷

আহত কেইজনক ইতিমধ্যে লামডিং চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে বৰ্তমানো পলাতক অৱস্থাত আছে গাড়ীচালকজন ৷

লগতে পঢ়ক:বিটিচিৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিব লাগিব: মন্ত্ৰী পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details