হোজাই, 21 জুলাই : সততে বিতৰ্কত থাকি ভালপোৱা হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে এইবাৰ ক্ষোভ উজাৰিলে বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে ৷ গুৱাহাটী মহানগৰীৰ বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ অভিযোগ অনুসৰি, বিধায়ক গৰাকীৰ বিতৰ্কিত মন্তব্যই দুখ দিছে তেওঁলোকক ৷ যাৰবাবে ৰাইজৰ পৰা তীব্ৰ প্ৰশ্নবানৰ সম্মুখীন হ'ব লগা হোৱা বুলি মন্তব্য় কৰে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে ৷
শেহতীয়াকৈ বিজেপিৰ মোনা লোৱা নেতাৰ বিৰুদ্ধে নানা বিস্ফোৰক অভিযোগ আনিছিল বিধায়ক শিলাদিত্য দেৱে । দলৰ নেতাৰ বিৰুদ্ধে অভিযোগৰ পৰা অভিযোগ তুলি এক প্ৰকাৰ দলটোকে অস্বস্তিত পেলাইছে বিধায়ক শিলাদিত্য দেৱে। শিলাদিত্যৰ এনে কাৰ্যৰ বিৰুদ্ধে দলীয় নেতৃত্বক অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ দাবী বিজেপিৰ তৃণমূল কৰ্মীৰ ।