হোজাই, 18 নৱেম্বৰ :হোজাই(Hojai) জিলাৰ মধুৰাবিলত উদ্ধাৰ কৰা হৈছে এটি বিৰল প্ৰজাতিৰ কাছ(Rare species of turtle) ৷ বুধবাৰে দুপৰীয়াৰ ভাগত জুঠাংবস্তিৰ বাসিন্দা মন্নাছ আলী নামৰ এজন ব্যক্তিৰ ঘৰৰ সমীপতেই থকা মধুৰাবিলত ঘাঁহ কাটি থকা অৱস্থাত প্ৰত্যক্ষ কৰে এটা বিৰল প্ৰজাতিৰ কাছ ৷
Turtle rescued: মধুৰাবিলত উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছ - ASSAM
হোজাই জিলাত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ ৷ মন্নাছ আলী নামৰ এজন ব্যক্তিৰ ঘৰৰ সমীপত উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছটো ৷ কাছটো উদ্ধাৰ কৰি বন বিভাগে এৰি দিয়ে লামডিং বনাঞ্চলত ৷
turtle rescue in Hojai
কাছটো (turtle)প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ মন্নাছ আলীয়ে খবৰ দিয়ে বনবিভাগক(Forest Department) ৷ ইয়াৰ পাছতে বন বিভাগে লাভ কৰা খবৰৰ ভিত্তিত সেই স্থানত উপস্থিত হৈ উক্ত কাছটো উদ্ধাৰ কৰি হোজাই জিলাৰ সমীপতে থকা লামডিং বনাঞ্চল(Lumding Forest)ত এৰি দিয়ে ৷
লগতে পঢ়ক : Gambler arrested : জুৱাৰ ঘাটি উচ্ছেদ কৰি আৰক্ষীয়ে আটক কৰিলে 14 টা জুৱাৰী
Last Updated : Nov 18, 2021, 4:30 PM IST