হোজাই, 23 মে’:সমগ্ৰ দেশৰ লগতে অসমতো সম্প্ৰতি অব্যাহত আছে ক'ৰণাৰ সংহাৰ ৷ সমান্তৰালকৈ চৰকাৰে ইয়াৰ মোকাবিলা কৰিবলৈ অহোপুৰোষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে । কিন্তু, ইয়াৰ মাজতে ৰাজ্যখনৰ স্বাস্থ্যসেৱাৰ ফোপোলা স্বৰূপ উদঙাই দিছে হোজাই জিলাৰ লংকাৰ এখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰই ।
উল্লেখ্য যে, লংকাৰ এখন নৱনিৰ্মিত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ সম্প্ৰতি গৰু-ছাগলীৰ চৰণীয়া পথাৰলৈ পৰ্যবসিত হৈছে । 10 খন বিচনাযুক্ত স্বাস্থ্য কেন্দ্ৰখনত চিকিৎসক-স্বাস্থ্যকৰ্মীৰ আৱাসগৃহৰ লগতে সকলো সুবিধা উপলব্ধ কৰি নিৰ্মাণ কৰিছিল চৰকাৰে । কিন্তু, কেন্দ্ৰখনত চিকিৎসা সেৱা আগবঢ়াবলৈ আজিলৈকে নগৱল এজনো চিকিৎসক কিম্বা স্বাস্থ্যকৰ্মী।
গৰু-ছাগলীৰ চৰণীয়া পথাৰত পৰিণত এটি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ উল্লেখ্য যে, লংকাৰ এটা অতি দুৰ্গম অঞ্চল হিচাপে চিহ্নিত বৃহত্তৰ নখুঁটি অঞ্চৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ সুবিধাৰ প্ৰতি লক্ষ্যৰাখি তৰুণ গগৈৰ চৰকাৰৰ দিনতে চাৰ্কেবস্তিত এটি এখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰা হৈছিল । পৰৱৰ্তী সময়ত সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দিনত স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হয় । কেন্দ্ৰটোত নিয়োজিত কৰা হয় দুজনকৈ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী ।
কিন্তু লংকা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰতেই তেওঁলোকে সংযুক্ত থাকি প্ৰাপ্য দৰমহা আদায় কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । বৰ্তমান ক'ৰণাৰ এই সময়ৰ লগতে মেলেৰিয়া প্ৰৱণ এলেকা হিচাপে চিহ্নিত অঞ্চলটোৰ বঞ্চিত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰীক দাবী জনাইছে ।
লগতে পঢ়ক :ডিব্ৰুগড়ত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান