অসম

assam

ETV Bharat / state

হোজাইৰ লংকাত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ - ক’ভিড ভেকচিন চেণ্টাৰ পৰিদৰ্শন

লংকাত উপস্থিত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ লংকাৰ পৰশুৰাম মজুমদাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত থকা মডেল ক’ভিড ভেকচিন চেণ্টাৰ পৰিদৰ্শন সাংসদগৰাকীৰ ৷

pradut-bardoloi-visit-lanka-for-inspecting-covid-centre
হোজাই জিলাৰ লংকাত উপস্থিত সাংসদ প্ৰদূৎ বৰদলৈ

By

Published : May 29, 2021, 10:40 PM IST

হোজাই, 29 মে': হোজাই জিলাৰ লংকাত উপস্থিত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ । সাংসদগৰাকী উপস্থিত হৈ লংকাৰ পৰশুৰাম মজুমদাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত থকা মডেল ক’ভিড ভেকচিন চেণ্টাৰটো পৰিদৰ্শন কৰে ।

উল্লেখ্য যে, এই ভেকচিন চেণ্টাৰটো লংকাৰ ঔম প্ৰকাশ প্ৰমিলাদেৱী সোঁৱৰণি দাতব্য ন্যাসৰ ব্যৱস্থাপনাত, লংকা স্বাস্থ্য কৰ্মীৰ সহযোগীতাত মুকলি কৰা হৈছিল । উক্ত ঔম প্ৰকাশ প্ৰমিলা দেৱী সোঁৱৰণী দাতব্য ন্যাসটোলৈ সাংসদৰ পুঁজিৰ পৰা এখন এম্বুলেন্স আগবঢ়োৱা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ।

হোজাইৰ লংকাত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ

লগতে তেওঁ মন্তব্যত কয় যে, সাংসদ পুঁজিৰ পৰা হোজাই লামডিংৰ মাজত খোলা হ’ব এটা ক’ভিড ভেকচিন চেন্টাৰ । আনহাতে ক’ভিড ৰোগীৰ চিকিৎসা ক্ষেত্ৰত হোজাই জিলা বহু পিছ পৰি আছে এক অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে । চৰকাৰৰ পৰা ছয়টাকৈ ভেন্টিলেচন যন্ত্ৰ ৬ মাহৰ পূৰ্বতেই হোজাই লৈ আহিছিল যদিও বৰ্তমানলৈকে ৰোগীৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা নাই বুলি মন্তব্য সাংসদ গৰাকীৰ ।

লগতে পঢ়ক :এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ

ABOUT THE AUTHOR

...view details