অসম

assam

ETV Bharat / state

কৰ'ণা ভাইৰাছঃ কোৱাৰেণ্টাইন কেন্দ্ৰত চাফাই অভিযান - চিকিৎসা কৰ্মী

ক'ৰণাৰ গণ সংক্ৰমণ ৰোধৰ লক্ষ্যৰে চাফাই অভিযান কোৱাৰেণ্টাইন লোকসকলৰ । উক্ত চাফাই অভিযানত গাঁওৰক্ষী বাহিনী,লগতে চিকিৎসাকৰ্মী সকলেও সহযোগ কৰে ৷

Poshim karbi arlong College Clean By Quarentine People
কৰ'ণা ভাইৰাছঃ কোৱাৰেণ্টাইন কেন্দ্ৰত চাফাই অভিযান

By

Published : Jul 14, 2020, 8:10 PM IST

হোজাই, 14 জুলাইঃ ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ শংকিত হৈছে ৰাজ্যবাসী । ঠিক একেদৰে কৰ'ণাৰ গণ সংক্ৰমণ ৰোধৰ লক্ষ্যৰে খেৰণিৰ কপিলী মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত ইতিমধ্যে আৰম্ভ কৰিছে চাফাই অভিযান ।

কৰ'ণা ভাইৰাছঃ কোৱাৰেণ্টাইন কেন্দ্ৰত চাফাই অভিযান

ৰাজ্যত ইতিমধ্যে হোৰাহোৰে বৃদ্ধি পাইছে ক'ৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ইতিমধ্যে হোজাই জিলাতো এই ৰোগত আক্ৰান্ত হৈছে বহু লোক৷ তেনে সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ কপিলী কলেজত অস্থায়ীভাৱে স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত দেখিবলৈ পোৱা গ'ল এক আদৰ্শনীয় দৃশ্য।

কৰ'ণা ভাইৰাছঃ কোৱাৰেণ্টাইন কেন্দ্ৰত চাফাই অভিযান

উল্লেখযোগ্য যে, কেন্দ্ৰটোত কোৱাৰেন্টাইন হৈ থকা প্ৰায় অৰ্ধ শতাধিকলোকে কৰ'ণাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰটোৰ চৌহদত মঙলবাৰে এক চাফাই অভিযান ৰূপায়ণ কৰে । উক্ত কেন্দ্ৰটোত থকা লোকসকলে ৰাতিপুৱাৰে পৰা চৌহদৰ ভিতৰত থকা হাবি বন কাটি পৰিষ্কাৰ কৰাৰ বিপৰীতে জাৱৰ-জোথৰ, পেলনীয়া সামগ্ৰী আদি জ্বলোৱাৰ লগতে চেনিটাইজেচন কৰি চৌহদটো বীজাণুমুক্ত কৰাৰ প্ৰয়াস কৰা দেখিবলৈ পোৱা যায় ৷ গুৰুত্বপূৰ্ণ যে উক্ত চাফাই অভিযান কাৰ্যসূচী সম্পন্ন কৰাৰ ক্ষেত্ৰত কোৱাৰেন্টাইন কেন্দ্ৰটো পৰিচালকৰ দায়িত্বত থকা জন ৰংহাং,গাঁওৰক্ষী বাহিনী, লগতে চিকিৎসা কৰ্মী সকলেও এই লোক সকলক উৎসাহ-উদ্দীপনা দিয়াৰ লগতে সহায় সহযোগিতা আগবঢ়ায়। উক্ত কেন্দ্ৰটোৰ এই সকল লোকে গ্ৰহণ কৰা এনে প্ৰশংসনীয় আৰু আদৰ্শনীয় কাৰ্যক সকলোৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে ৷

লগতে পঢ়ক- টীয়কত পুনৰ দুজন লোক ক'ভিড-19 ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details