অসম

assam

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 10:18 AM IST

ETV Bharat / state

৩১ ডিচেম্বৰৰ ভিতৰত হোজাই জিলাত ১৯৪৫ টা ঘৰ সম্পূৰ্ণ কৰা হ'ব

প্ৰধানমন্ত্ৰী আবাস যোজনাৰ সন্দৰ্ভত হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই সম্বোধন কৰে এখন সংবাদমেলৰ । সংবাদমেলত বৰ্তমানলৈ কিমান লোকক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ প্ৰদান কৰা হ'ল তাৰ এক তথ্য প্ৰদান কৰে ।

PC of CEO of Hojai Zilla Parishad regarding PMAY scheme
৩১ ডিচেম্বৰৰ ভিতৰত হোজাই জিলাত ১৯৪৫ টা ঘৰ সম্পূৰ্ণ কৰা হ'ব

৩১ ডিচেম্বৰৰ ভিতৰত হোজাই জিলাত ১৯৪৫ টা ঘৰ সম্পূৰ্ণ কৰা হ'ব

হোজাই,১০ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী আবাস যোজনাৰ সন্দৰ্ভত হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সংবাদমেল । হোজাই জিলাৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোকসকললৈ আনিছে এক সু-খবৰ ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলাত দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোকসকলক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত বৰ্তমান লৈকে ৫২ হাজাৰ ৪ শ ৪৪ টা ঘৰ প্ৰদান কৰা হৈছে ৷

তাৰে ভিতৰত যোৱা ৩০ মাহত ৪১ হাজাৰ ৯ শ ৩১ টা ঘৰ প্ৰদান কৰা হৈছে ৷ অহা ৩১ ডিচেম্বৰৰ ভিতৰত ৫ হাজাৰ ৮ শ ৩০ টা ঘৰ দিয়া হ'ব ৷ এই তথ্য হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰদীপ কুমাৰ সুত্ৰধৰে নিজ কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত কৰা এক সংবাদমেলত সদৰী কৰে। জিলাখনৰ অন্তৰ্গত যোগীজান উন্নয়ন খণ্ডত বৰ্তমানলৈকৈ আৱন্টন পোৱা ঘৰৰ ভিতৰত ৯৩৩৮ টা ঘৰ সম্পূৰ্ণ কৰা হৈছে আৰু অহা ৩১ ডিচেম্বৰ ১৯৪৫ টা ঘৰ সম্পূৰ্ণ কৰা হ'ব ৷

তাৰে ভিতৰত যোৱা ৩০ মাহত ৬৯৪২ টা ঘৰ সম্পূৰ্ণ কৰি হিতাধিকাৰীক দিয়া হৈছে ৷ একেদৰেই লামডিং আৰু উদালী উন্নয়ন খণ্ডত ৫২৮৮ আৰু ৪৭৭৫ টা ঘৰ সম্পূৰ্ণ কৰা হৈছে ৷ চলিত বৰ্ষতেই ৫৯৬ আৰু ৬৫৬ টা সম্পূৰ্ণ কৰা হ'ব বুলি সংবাদমেলতেই জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ৷ একেদৰেই বিন্নাকান্দি উন্নয়ন খণ্ডত আজিলৈকে ২৭২১১ টা ঘৰ সম্পূৰ্ণ কৰি দৰিদ্ৰ হিতাধিকাৰীসকলক দিয়া হৈছে আৰু চলিত বৰ্ষতেই ১১৭২ টা ঘৰ সম্পূৰ্ণ কৰি হিতাধিকাৰীক থকা সুবিধা কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে ।

আনহাতে যিসকল দৰিদ্ৰ লোকে এতিয়ালৈকে থকা ঘৰৰ সুবিধা পোৱা নাই সেইসকলক প্ৰধানমন্ত্ৰী আৱাস প্লাছ যোজনাৰ জৰিয়তে পৰ্যায়ক্ৰমে ঘৰ আৱন্টন দিয়াৰো পৰিকল্পনা হাতত লোৱা বুলি সংবাদমেলতেই বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:মিত্ৰতা নকৰালৈকে হাৰিয়েই থাকিব কংগ্ৰেছ : বদৰুদ্দিন আজমল

ABOUT THE AUTHOR

...view details