হোজাই,4 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ ৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত এটা দলে আনটো দলক বিভিন্ন বাক্য বাণেৰে থকা-সৰকা কৰাতো যেন নিৰ্বাচনৰ এক নিয়মাফিক কাৰ্যক্ৰম ৷ বুধবাৰে এখন নিৰ্বাচনী সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাল অভিনেতা আৰু কথা চহকী আখ্যা কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈৰ ৷
মোডীক অভিনেতা আখ্যা প্ৰদ্যুৎ বৰদলৈৰ - loksabha election
মোডীয়ে ধনী উদ্যোগপতিৰ কাৰণে কাম কৰে, দুখীয়া ৰাইজৰ বাবে কাম নকৰে ৷ নৰেন্দ্ৰ মোডী এজন ভাল অভিনেতা আৰু অনৰ্গল কথা ক'ব পৰা কথা চহকী ব্যক্তি ৷ এনেদৰেই হোজাইৰ এখন নিৰ্বাচনী সভাত মোডীক তীব্ৰ বাক্যবাণেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ প্ৰদ্যুৎ বৰদলৈৰ
10 নং নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বুধবাৰে হোজাইৰ লস্কৰ পথাৰৰ এখন নিৰ্বাচনী সভাত তীব্ৰ সমালোচনা কৰে বিজেপি দল তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৷ নিজৰ ভাষণত তেখেতে কয় যে, নৰেন্দ্ৰ মোডীয়ে দুখীয়া ৰাইজৰ বাবে কাম নকৰে, তেখেত উদ্যোগপতিৰ হৈ কাম কৰা লোক ৷ ইয়াৰ লগতে মোডীৰ দুটা গুণ উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় , নৰেন্দ্ৰ মোডী এজন ভাল অভিনেতা আৰু অনৰ্গল কথা ক'ব পৰা কথাচহকী ব্যক্তি ৷
উল্লেখ্য যে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চল ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে প্ৰদ্যুৎ বৰদলৈয়ে ৷ নিৰ্বাচনী প্ৰচাৰ কালত নেতা গৰাকীক সংগ দিছে বিধায়ক ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা সুৰেশ বৰা, প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে' আদিয়ে ৷ বুধবাৰে লস্কৰ পথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাতেই প্ৰাক্তন কংগ্ৰেছী ডাঃ ধনীৰাম থাউচেনে এ আই ইউ ডি এফ এৰি পুনৰ কংগ্ৰেছত যোগদান কৰে৷ লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফে 11 টা সমষ্ঠিত প্ৰাৰ্থিত্ব নিদিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ধনীৰাম থাউচেনে ৷ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰা নগাঁও লোকসভা সমষ্টিৰ বিজেপি-কংগ্ৰেছৰ যুঁজত কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হ'ব ৷