হোজাই,23 এপ্ৰিল : হোজাই জিলাৰ লামডিঙৰ ঝুলনপুলত শুকুৰবাৰে সংঘটিত হৈছে এক অঘটন ৷ ঝুলনপুলৰ ৰে’লৱে পানীৰ টেংকীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন 17 বছৰীয়া কিশোৰৰ ৷
ঝুলনপুল নিৱাসী ৰোহিত সিং নামৰ কিশোৰজনে গা ধুবলৈ গৈ মৃত্যুমুখত পৰে ৷ আনহাতে ৰোহিতৰ সৈতে থকা আন তিনিজনক জীৱন্তে উদ্ধাৰ কৰে অমন কাহাৰ নামৰ এজন স্থানীয় যুৱকে ৷