অসম

assam

ETV Bharat / state

ইজতেমাৰ সামৰণি অনুষ্ঠান উপলক্ষে জনসমুদ্ৰত পৰিণত যমুনামুখ - ভক্তপ্ৰাণ লোক

যোৱা শুকুৰবাৰৰ পৰা যমুনামুখৰ বিশাল পথাৰত অনুষ্ঠিত হোৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উত্তৰ পূৰ্বাঞ্চলীয় ইজতেমাৰ আজি সফল সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত উপস্থিত থাকে প্ৰায় 20 লক্ষাধিক ভক্তপ্ৰাণ লোক ৷

ইজতেমাৰ সামৰণি অনুষ্ঠান
ইজতেমাৰ সামৰণি অনুষ্ঠান

By

Published : Feb 9, 2020, 11:43 PM IST

যমুনামুখ, 9 ফেব্ৰুৱাৰীঃসামৰণি পৰিল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উত্তৰ পূৰ্বাঞ্চলীয় ইজতেমাৰ ৷ এই কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান উপলক্ষে জনসমূদ্ৰত পৰিণত হয় হোজাই জিলাৰ যমুনামুখ ৷ শুকুৰবাৰৰ পৰা যমুনামুখৰ বিশাল পথাৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত, লাখ লাখ ইছলামধৰ্মী লোকেৰে লোকাৰণ্য হৈ পৰে অঞ্চলটো ৷

জনসমুদ্ৰত পৰিণত যমুনামুখ

অসমৰ প্ৰায় প্ৰতিখন জিলাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ পৰাও সমাগম হৈছে অগণন ধৰ্মপ্ৰাণ লোকৰ ৷ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত অনুষ্ঠিত ইজতেমাত উৰিল অসমীয়াৰ স্বাভিমান গামোচা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে নিজৰ নিজৰ স্থান চিনাক্ত কৰি ৰাখিবলৈ এনেদৰে উৰুৱাইছে আদৰৰ গামোচাখন ৷ প্ৰায় ছয় সাত কিলোমিটাৰ নিলগতো বাহন ৰাখি, খোজকাঢ়ি ইজতেমাস্থলীত উপস্থিত হ'বলগীয়া হৈছে ভক্তপ্ৰাণ লোকে ৷ উল্লেখ্য যে, বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত হোৱা ইজতেমাৰ অন্তিম দোৱাত অংগ্ৰহণ কৰে প্ৰায় 20 লক্ষাধিক লোকে ৷

লগতে পঢ়ক ঃ দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হ'ল মাঘী পূৰ্ণিমা

ABOUT THE AUTHOR

...view details