হোজাই, 19 ছেপ্টেম্বৰ :নিৰ্বাচন আহিলেই যেন বিভিন্ন দলত যোগদান পৰ্বৰ ধুম উঠে সমষ্টিয়ে সমষ্টিয়ে । আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনক লৈয়ে যেন ৰাজ্যত এতিয়া চলিচে এটা দলৰ পৰা আন এটা দললৈ যোগদান কাৰ্যসূচী। অতিমাৰী ক'ৰণাৰ মাজতো পূৰ্ণোদ্যমে চলিছে এই মহাপৰ্ব । হোজাই জিলা ভাৰতীয় যুৱ মৰ্চাৰ উদ্যেগতো অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী ।
জিলাখনৰ লামডিং সমষ্টিৰ কাকী মণ্ডল যুৱ মৰ্চাৰ সহযোগত ২ নং কাকী মাধবদেৱ হাইস্কুলত অনুষ্ঠিত যোগদান অনুষ্ঠানটোত সমষ্টিটোৰ বিভিন্ন পঞ্চায়তৰ তিনি শতাধিক কংগ্ৰেছ - এ আই ইউ ডি এফৰ নেতা-কৰ্মীয়ে যোগদান কৰে বিজেপি দলত । জিলা সভাপতি অনুপ দেব, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, যুৱ মৰ্চাৰ জিলা সভাপতি বিনয় কলিতাকে ধৰি দলটোৰ বহুকেইজন জিলা নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ।