হোজাই, 30 জুন:"লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত বানপানীত কপিলী নৈত জাহ যোৱা ঠাইচুবালী গাঁৱৰ লোকসকলক তৎকালীনভাৱে অন্য ঠাইত দিয়া হ’ব পুনৰ সংস্থাপন" বৃহস্পতিবাৰে হোজাই জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta visited flood affected area of Hojai) । হোজাই জিলাখনত বিগত দিনত হৈ যোৱা দ্বিতীয়টো বানত সম্পূৰ্ণৰূপে জাহ গৈছিল (Flood in Hojai) লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত বিহাৰী সম্পদায়ৰ লোকে বসবাস কৰা ঠাইচুবালী গাঁওখন ৷
ফলত এইপৰ্যন্ত বন্যাৰ্তই মথাউৰিত শিবিৰ স্থাপন কৰি আশ্ৰয় লৈ আছে ৷ বৃহস্পতিবাৰে মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ বানাক্ৰান্ত লোকৰ অভাৱ-অভিযোগ বুজ লোৱাৰ লগতে বানত ক্ষতিগ্ৰস্ত হোৱা গাঁওখনৰ লগতে কপিলী নৈখন পৰ্য্যবক্ষণ কৰি অতি সোনকালে মথাউৰিৰ পুনৰ নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে ৷