অসম

assam

ETV Bharat / state

বৰপানী-কপিলী নৈৰ বানত বিধ্বস্ত কামপুৰ - বান

বৰপানী নৈ আৰু কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাইছে কামপুৰৰ বিস্তৰ অঞ্চল ৷ বানাক্ৰান্ত ৰাইজেৰ ক্ষোভ প্ৰকাশ জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

massive flood in kampur by kapili and barpani river
massive flood in kampur by kapili and barpani river

By

Published : Jun 28, 2020, 8:06 PM IST

কামপুৰ, 28 জুনঃকাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই 7 খনকৈ গেটেৰে পানী এৰি দিয়াৰ ফলত বৃদ্ধি পাইছে বৰপানী নৈৰ জলস্তৰ ৷ যাৰ ফলত সম্প্ৰতি জলমগ্ন হৈ পৰিছে কামপুৰৰ বিস্তৃৰ্ণ অঞ্চল ৷ এমাহৰ পূৰ্বেও বাঢ়নী পানীয়ে ভাঙি নিছিল বৃহত্তৰ অঞ্চলটোৰ এটা মথাউৰি ৷ বুৰাই পেলাইছিল সমগ্ৰ অঞ্চল ৷ পুনৰ বৰপানী নৈৰ বানে বুৰালে লংজাপ, জুৰিপাৰ, মাধৱপাৰা, কচুৱাকে ধৰি বহুকেইখন গাঁও ৷

বাঢ়নী পানীয়ে বুৰাইছে কামপুৰৰ বিস্তৰ অঞ্চল

আনহাতে কপিলী নৈৰ বাঢ়নী পানীও ভগ্ন মথাউৰিৰে প্ৰৱেশ কৰি বুৰাইছে বকুলগুৰি, নলাপাৰ, পটিয়াপামকে ধৰি ভিন্ন অঞ্চল ৷ কামপুৰৰ যমুনামুখ সংযোগী গড়কাপ্টানি পথো এতিয়া পানীৰ তলত ৷ ৰাইজৰ অভিযোগ ইতিমধ্যে সেই বিস্তীৰ্ণ অঞ্চলৰ সমস্যাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষ তথা জলসম্পদ বিভাগলৈ প্ৰতি বছৰে স্মাৰক প্ৰদান কৰি আহিছে যদিও, আজিলৈ বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই তেওঁলোকৰ বাবে ৷ আনহাতে স্থানীয় জৱ প্ৰতিনিধিয়েও কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ বাবে সম্প্ৰতি চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে বানাক্ৰান্ত ৰাইজে ৷ লগতে এনে জনপ্ৰতিনিধি থাকিলে ৰাইজে আগলৈ খাবলৈ নাপাই পেটত গামোছা বান্ধিব লাগিব বুলিও মন্তব্য কৰে ৷ তেওঁলোকৰ দাবী কেৱল নিৰ্বাচনকেন্দ্ৰিক মনোবৃত্তিৰ চৰকাৰখনৰ জলসম্পদ মন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰিব লাগে ৷

বৰপানী-কপিলী নৈৰ বানত বিধ্বস্ত কামপুৰ

লগতে পঢ়কঃবুঢ়াদিয়া-পাগলাদিয়া নৈৰ বানৰ কবলত নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল

ABOUT THE AUTHOR

...view details