হোজাই, ২৬ ফেব্ৰুৱাৰী: পৰিৱৰ্তন আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ ভাষণ আৰু প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ কাৰ্যকালত ৰাজ্যত সকলো অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্যই অভাৱনীয় ৰূপ ধাৰণ কৰিছে । চৰকাৰৰ এনেধৰণৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে হোজাই জিলাৰ লামডিঙতো কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
বৰ্ধিত পে’ট্ৰল ড্ৰিজেলৰ মূল্যবৃদ্ধিৰ ফলত কংগ্ৰেছে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে । লামডিঙৰ পুনম পে’ট্ৰল এজেঞ্চিত কংগ্ৰেছে পে’ট্ৰল-ড্ৰিজেল, ৰন্ধন গেছৰ বৰ্ধিত মূল্যৰ বাবে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক ধ্বনিৰে উত্তাল কৰি তোলে ৷
এই প্ৰতিবাদী কাৰ্যসূচীত লামডিঙৰ প্ৰাক্তন বিধায়ক তথা এইবাৰৰ কংগ্ৰেছৰ টিকত প্ৰত্যাশী স্বপন কৰ, হোজাই সমষ্টিৰ টিকট প্ৰত্যাশী চিত্ত পাল, এনএছইউআই, হোজাই জিলা ইয়ং ব্ৰিগেডৰ সদস্যসকল উপস্থিত থাকে ৷ প্ৰক্তন বিধায়ক গৰাকীয়ে কয় যে, বিগত দিনত লামডিঙত কোনো ধৰণৰ বিকাশ তথা উন্নতি হোৱা নাই ৷