অসম

assam

ETV Bharat / state

লংকাত অপহৰণ কাণ্ডৰ লগত জড়িত অপৰাধীক গ্ৰেপ্তাৰ - বৃহৎ সফলতা

ছাইদুল আলমে ২০১৮ চনত হোজাইৰ মোৰাঝাৰৰ আজিৰ উদ্দিন নামৰ এজন ব্যক্তিক অপহৰণ কৰি পিছত হত্যা কৰিছিল । অপহৰণ কাণ্ডৰ লগত জড়িত ছাইদুল আলমৰ ঘৰ মোৰাঝাৰত ।

kidnapper-arrested-in-hojai
লংকাত অপহৰণ কাণ্ডৰ লগত জড়িত অপৰাধীক গ্ৰেপ্তাৰ

By

Published : Aug 8, 2020, 1:17 PM IST

হোজাই, 8 আগষ্ট: হোজাই জিলাৰ লংকা আৰক্ষীয়ে শুকুৰবাৰে লাভ কৰিছে বৃহৎ সফলতা । লংকাৰ উদালী আৰক্ষী চকীৰ অন্তৰ্গত লাচিত পথাৰৰ চলমান আহমেদ(১৬) নামৰ এটি কিশোৰ হোজাইৰ নীলবাগানস্থিত নিজৰ সম্বন্ধীয় লোকৰ ঘৰলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ হৈছিল । পিছত পৰিয়ালৰ লোকে চলমান আহমেদক নগাঁৱৰ পৰা উদ্ধাৰ কৰে যদিও পলায়ন কৰিছিল অপহৰণকাৰীয়ে ৷ অৱশেষত উক্ত অপহৰণ ঘটনাৰ লগত জড়িত অপৰাধী ছাইদুল আলমক লংকা আৰক্ষীয়ে অভিযান চলাই শুকুৰবাৰে লংকাৰ লাচিত পথাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লংকাত অপহৰণ কাণ্ডৰ লগত জড়িত অপৰাধীক গ্ৰেপ্তাৰ

উল্লেখ্য যে,ছাইদুল আলমে ২০১৮ চনত হোজাইৰ মোৰাঝাৰৰ আজিৰ উদ্দিন নামৰ এজন ব্যক্তিক অপহৰণ কৰি পিছত হত্যা কৰিছিল। অপহৰণ কাণ্ডৰ লগত জড়িত ছাইদুল আলমৰ ঘৰ মোৰাঝাৰত। বৰ্তমান অপহৰণকাৰীটোক লংকা আৰক্ষী থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ পাছতেই এই অপহৰণৰ কাণ্ডৰ সমগ্ৰ ৰহস্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক : এয়াৰ ইণ্ডিয়াৰ পূৰ্বে MiG-21 ৰ পাইলট আছিল দুৰ্ভগীয়া কেপ্টেইন দীপক ভি. চাথে

ABOUT THE AUTHOR

...view details