অসম

assam

ETV Bharat / state

অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সাংবাদিক - হোজাই জিলা

পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত ৰাজ্যত । কথমপি প্ৰাণৰক্ষা এটা ব্যক্তিগত টেলিভিচন চেনেলৰ সাংবাদিকৰ । ঘটনাৰ স্থান হোজাই জিলাৰ উদালী ৷

Journalist attack in Hojai assam etv bharat news
সাংবাদিক আক্ৰমণ

By

Published : Sep 22, 2020, 1:02 PM IST

হোজাই,22 চেপ্তেম্বৰ:গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কৰা আক্ৰমণ কোনো নতুন ঘটনা নহয় ৷ কিন্তু ৰাজ্যত ক্ৰমাৎ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ খবৰ সংগ্ৰহ কৰি ফুৰা ব্যক্তিসকল নিজে খবৰ হৈ প্ৰকাশিত হৈছে সংবাদ মাধ্যমত ৷ হোজাই জিলাৰ উদালীত শেহতীয়াভাৱে সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷

জানিব পৰা মতে, পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ কনক দেউৰী নামৰ ৰাজ্যৰ এটা ব্যক্তিগত চেনেলত কৰ্মৰত এগৰাকী সাংবাদিকে ব্যক্তিগত কামৰ প্ৰসংগত এএচ 01 ডিএক্স 3230 নম্বৰৰ বাহনখনেৰে ডিফুৰ পৰা ঘৰলৈ উভটিছিল ৷ আদবাটতে সাংবাদিকগৰাকীক পূৰ্বৰে পৰা খাপ পিটি থকা কোনো দুৰ্বৃত্তৰ এটা দলে সাংবাদিকগৰাকীৰ বাহনৰ প্ৰতি লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰি আক্ৰমণ কৰে ৷ আকস্মিকভাৱে হোৱা এই আক্ৰমণত সাংবাদিকগৰাকীৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ উপক্ৰম হয় যদিও কথমপি ৰক্ষা পৰে কনক দেউৰী ৷

সাংবাদিক আক্ৰমণ

উল্লেখ্য যে, উদালী আৰক্ষী চকীৰ পৰা মাত্ৰ পাঁচশ মিটাৰ নিলগত সংঘটিত উক্ত ঘটনাই সমগ্ৰ অঞ্চলত এক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত থকা চৰকাৰৰ ফোঁপোলা স্বৰূপটোক উদঙাই দিয়ে ৷ ঘটনা সংক্ৰান্তত লংকাৰ উদালী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে চাওকঃধুবুৰীত আইপিএল ক্ৰিকেটৰ নামত চলিছে জুৱা

ABOUT THE AUTHOR

...view details