অসম

assam

ETV Bharat / state

হোজাইৰ লংকাৰ ৰিলায়েন্স পেট্ৰ'ল পাম্পত অৰাজকতা - ৰিলাইন্স পেট্ৰ'ল পাম্প

গ্ৰাহকৰ অৰ্থে কোনো বিজ্ঞাপন নিদিয়াকৈ উৰ্দ্ধতম ৰিলায়েন্স কৰ্তৃপক্ষৰ পৰা ম'ৱাইল যোগে অহা এক নিৰ্দেশত দুই হাজাৰ টকাৰ তলত খুচুৰা ডিজেল তেল গাড়ীত ভৰাবলৈ অহা গ্ৰাহকক বঞ্চিত কৰিছে পাম্পটোৰ কৰ্তৃপক্ষই ।

হোজাইৰ লংকাৰ ৰিলাইন্স পেট্ৰ'ল পাম্পত অৰাজকতা

By

Published : Jun 22, 2019, 8:22 AM IST

হোজাই, ২১ জুন: হোজাইৰ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা ৰিলায়েন্স পেট্ৰ'ল পাম্পত অৰাজকতা । দুই হাজাৰ টকাৰ তলত খুচুৰা তেল নিদিয়াক লৈ গ্ৰাহকৰ মাজত হাহাকাৰ | ফলত বঞ্চিত হৈছে বহু খুচুৰা তেলৰ গ্ৰাহক | গ্ৰাহকৰ অৰ্থে কোনো বিজ্ঞাপন নিদিয়াকৈ উৰ্দ্ধতম ৰিলায়েন্স কৰ্তৃপক্ষৰ পৰা ম'ৱাইল যোগে অহা এক নিৰ্দেশত দুই হাজাৰ টকাৰ তলত খুচুৰা ডিজেল তেল গাড়ীত ভৰাবলৈ অহা গ্ৰাহকক বঞ্চিত কৰিছে পাম্পটোৰ কৰ্তৃপক্ষই । আনহাতে, এজন গ্ৰাহকে বহু অনুৰোধ কৰাৰ পিছত পাঁচশ টকাৰ ডিজেল তেল গ্ৰাহক জনৰ বাহন খনত ভৰাই দিয়ে যদিও পাঁচশ টকাৰ ঠাইত কম্পিউটাৰ পিন্টেট এক হাজাৰ টকাৰ তেল ভৰোৱাৰ এখন শ্লিপহে গ্ৰাহকক দিয়া পৰিলক্ষিত হয় | পিছত গ্ৰাহক জনে পুনৰ সোধ-পোছ কৰাত কম্পিউটাৰ পিন্টেট এক হাজাৰ তেলৰ শ্লিপৰ ঠাইত হাতে লিখা পাঁচশ টকাৰ শ্লিপ দিয়ে পাম্প কৰ্তৃপক্ষই | ৰিলায়েন্স পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই গ্ৰাহকৰ বাবে কোনো বেনাৰ নাইবা বিজ্ঞাপন নিদিয়াকৈ নিজৰ মইমতালি মতে এনে কায্য কৰাৰ ফলত তৰ্কা-তৰ্কিত লিপ্ত হয় গ্ৰাহক আৰু পাম্প কৰ্তৃপক্ষৰ মাজত । বিষয়টোৰ সম্পৰ্কত প্ৰশাসনক বিহিত ব্যৱস্থা লবলৈ আহবান গ্ৰাহকৰ অন্যথা পাম্পটোৰ বিৰুদ্ধে প্ৰতিবাদী কায্যসূচী হাতত লোৱাৰ কথা প্ৰকাশ কৰে স্থানীয় খুচুৰা গ্ৰাহক সকলে ।​​​​​​​

হোজাইৰ লংকাৰ ৰিলাইন্স পেট্ৰ'ল পাম্পত অৰাজকতা

ABOUT THE AUTHOR

...view details