অসম

assam

ETV Bharat / state

হোজাইত জিলা আৰক্ষী অধীক্ষকৰ সংবাদ মেল

ইয়াৰোপৰি প্ৰতিটো এন আৰ চি কেন্দ্ৰত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা নিয়াৰিকৈ নজৰ নিক্ষেপ কৰি আছে বুলি জনায় প্ৰশাসনে ৷ হোজাই জিলাৰ মৌৰাঝাৰৰ এছ বি আই বেংক শাখাৰ ৩৩ কৌটি টকাৰ কেলেংকাৰী সম্পৰ্কে আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, ঘটনা সন্দৰ্ভত তদন্ত চলি আছে আৰু ঘটনাৰ আওঁতাত আহিবলগীয়া ১৮ জন অপৰাধীৰ ভিতৰত আৰক্ষীয়ে চাৰি জন অপৰাধীক ইতিমধ্যে আটক কৰিছে ৷

By

Published : Jul 27, 2019, 9:45 AM IST

হোজাই

হোজাই, 26 জুলাইঃ হোজাই জিলাৰ শংকৰ নগৰত আৰক্ষী অধীক্ষক অংকুৰ জৈনে শুকুৰবাৰে এখন সংবাদ মেল সম্বোধন কৰে ৷ জিলাখনৰ উদালীত এন আৰ চি সংক্ৰান্তত কিছু দিন পূৰ্বে মৃত্যু হোৱা ৰহিম উদ্দিনৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই থকাৰ কথা উল্লেখ কৰে সংবাদমেলত ৷ মৃত ৰহিমক ক'ত চিকিৎসা কৰা হৈছিল, কি কাৰণে তেওঁ আত্মহত্যা কৰিলে এই ক্ষেত্ৰটো তদন্ত চলাই থকা কথা উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ লগতে তেওঁ জানিবলৈ দিয়ে যে, এন আৰ চি ক্ষেত্ৰত সন্দেহজনক ঘটনা সংঘটিত হ'ব পৰা ঠাই সমূহ ইতিমধ্যেই প্ৰশাসনে বিবেচনা কৰিছে ৷ সন্দেহৰ আশংকা থকা প্ৰতিটো এন আৰ চি কেন্দ্ৰত পহৰা বাহিনীও মোতায়ন কৰা কথা উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

ইয়াৰোপৰি প্ৰতিটো এন আৰ চি কেন্দ্ৰত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা নিয়াৰিকৈ দৃষ্টি নিক্ষেপ কৰি আছে বুলি জনায় প্ৰশাসনে ৷ হোজাই জিলাৰ মৌৰাঝাৰৰ এছ বি আই বেংক শাখাৰ ৩৩ কৌটি টকাৰ কেলেংকাৰী সম্পৰ্কে আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, ঘটনা সন্দৰ্ভত তদন্ত চলি আছে আৰু ঘটনাৰ আওঁতাত আহিবলগীয়া ১৮ জন অপৰাধীৰ ভিতৰত আৰক্ষীয়ে চাৰি জন অপৰাধীক ইতিমধ্যে আটক কৰিছে ৷

হোজাই
আনহাতে গৰু চিণ্ডেকেটৰ প্ৰতিও সস্তম হৈছে হোজাই জিলা প্ৰশাসন ৷ বৰ্তমানলৈকে চোৰাং ভাৱে গৰু, ম'হৰ চিণ্ডিকেটৰ ক্ষেত্ৰত ছয়টাকৈ গোচৰ পঞ্জীভুক্ত কৰিছে জিলা প্ৰশাসনে লগতে ১২ জন গাড়ী চালক আৰু হেন্দিমেনক আটক কৰাৰ কথা উল্লেখ কৰিছে প্ৰশাসনে ৷

ABOUT THE AUTHOR

...view details