অসম

assam

ETV Bharat / state

ব্যক্তিগত চিকিৎসালয়ত ৰোগীৰ জীৱনকলৈ হেতালি - লংকেশ্বৰী হাস্পতাল

ব্যক্তিগত চিকিৎসালয়ৰ নাভুত-নাশ্ৰুত কাণ্ড ৷ আধাতেই অস্ত্ৰোপ্ৰচাৰ সমাপ্ত কৰি অস্ত্ৰোপচাৰ কক্ষৰ পৰা উলিয়াই আনিলে ৰোগীক ৷ স্বাস্থ্য মন্ত্ৰী, মানৱ অধিকাৰ আয়োগ,জিলা উপাযুক্তলৈ স্মাৰক পত্ৰ ভুক্তভোগী পৰিয়ালৰ ৷

ব্যক্তিগত চিকিৎসালয়ত ৰোগীৰ জীৱনকলৈ হেতালি

By

Published : Jul 27, 2019, 3:25 PM IST

হোজাই, 27 জুলাই : ভগৱানৰূপী চিকিৎসকৰ নাভুত-নাশ্ৰুত কাণ্ড ৷ এক আশ্চৰ্য্যজনক ঘটনা হোজাইৰ লংকাৰ লংকেশ্বৰী হাস্পতাল তথা ৰিৰ্জাজ চেন্টাৰত ৷ অস্ত্ৰোপ্ৰচাৰৰ বাবে ৰোগীক অস্ত্ৰোপ্ৰচাৰ কক্ষলৈ নি আধা অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাচত দায়িত্ব ল'ব নোৱাৰো বুলি কৈ ওলাই দিলে অস্ত্ৰোপ্ৰচাৰ কক্ষৰ পৰা | ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা ৫ জুলাই তাৰিখে কাকীৰ বুলন নাথ হাজৰিকাৰ নামৰ এগৰাকী ব্যক্তিৰ হঠাৎ পেটৰ বিষ হোৱাত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ভৰ্তি কৰায় লংকাৰ লংকেশ্বৰী হাস্পতালত | ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত ৰোগীগৰাকীক প্ৰথমে প্ৰাথমিক দুই এটা পৰীক্ষা কৰাই পেটত গোল্ড ব্লাডাৰ হৈছে বুলি কৈ ৬ জুলাই তাৰিখ ঠিক কৰে অস্ত্ৰোপ্ৰচাৰৰ বাবে | যদিও 6 জুলাইত অস্ত্ৰোপ্ৰচাৰ কক্ষত ৰোগীগৰাকীক পেটত ফুটা কৰি আধাতেই চিকিৎসকে অস্ত্ৰোপ্ৰচাৰ সমাপ্ত কৰি আৰু দায়িত্ব ল’ব নোৱাৰো বুলি কৈ ৰোগীক পৰিয়ালৰ হাতত চমজাই দিয়ে বুলি অভিযোগ তোলে পৰিয়ালে ৷

ব্যক্তিগত চিকিৎসালয়ত ৰোগীৰ জীৱনকলৈ হেতালি

ইপিনে অস্ত্ৰোপ্ৰচাৰ কৰা চিকিৎসক এজনে ওলোটাইহে ৰোগীৰ পৰিয়ালক চি টি স্কেন কৰিছেনে নাই বুলি প্ৰশ্ন সোধে আৰু চি টি স্কেন যন্ত্ৰ হাস্পতালখনত নোহোৱা হেতুকে আনত কৰি পুনৰ হাস্পতাললৈ ৰোগী গৰাকীক আনিবলৈ নিৰ্দেশ দিয়ে | ইয়াৰ পাচত পৰিয়ালৰ লোক আৰু হাস্পতাল কৰ্তৃপক্ষৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ | শেষত ভুক্তভোগী পৰিয়ালৰ লোকে আধা অস্ত্ৰোপ্ৰচাৰ কৰা ৰোগীগৰাকীক গুৱাহাটীৰ এখন উন্নত মানদণ্ডৰ চিকিৎসালয়লৈ লৈ আহে ৷ আৰু তাতেই অস্ত্ৰোপ্ৰচাৰ সম্পূৰ্ণ কৰি ৰোগীক লৈ অহা হয় ঘৰলৈ |

আনহাতে, লংকাস্থিত লংকেশ্বৰী হাস্পতালত ভুক্তভোগী পৰিয়ালৰ লোক উপস্থিত হৈ কৰ্তৃপক্ষৰ লগত কথা পাতিবলৈ চেষ্টা কৰে যদিও টুলুঙা মন্তব্য কৰি হাস্পতালৰ কৰ্তৃপক্ষই পলায়নবাদী মনোভাৱ গ্ৰহণ কৰে | ইয়াৰ পাচতে ৰোগীৰ পৰিয়ালে উচিত বিচাৰৰ দাবীত সামগ্ৰ ঘটনা সন্দৰ্ভত হাস্পতালখনৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্ৰী, মানৱ অধিকাৰ আয়োগ আৰু হোজাই জিলা উপায়ুক্তলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে |

ABOUT THE AUTHOR

...view details