অসম

assam

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ঐতিহাসিক বাছ যাত্ৰা

By

Published : Sep 15, 2019, 11:51 PM IST

NRC ৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ৰাইজৰ সৈতে সভাৰ জৰিয়তে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কংগ্ৰেছ নেতা-কৰ্মীৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ঐতিহাসিক বাছ যাত্ৰা

হোজাই, 15 চেপ্তেম্বৰঃ NRC ৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা অঞ্চলৰ পৰিস্থিতি অধ্যয়ন, মত বিনিময় আৰু সজাগতা সৃষ্টিৰ লক্ষ্যৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ঐতিহাসিক বাছ যাত্ৰা | বাছ যাত্ৰা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন মন্ত্ৰী, নেতা-পালিনেতা সকলো দেওবাৰে উপস্থিত হয় হোজাই জিলাৰ লংকাৰ কাকী ডেৰাপথাৰত | কাকীৰ ডেৰাপথাৰত উপস্থিত হয় কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰা, ৰকিবুল হুছেইন, অৰ্ধেন্দু কুমাৰ দে' ,দেৱবত শইকীয়া আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ | NRC তালিকাৰ পৰা কৰ্তন হোৱা ডেৰাপথাৰ অঞ্চলত অতীজৰ পৰা বসবাস কৰা গাৰো, কোঁচ, ডালু, হাজং আৰু বেংগলী পাঁচটা জনগোষ্ঠীয় লোকৰ সৈতে সভাৰ জৰিয়তে মত বিনিময় কৰে কংগ্ৰেছৰ নেতা কৰ্মীয়ে |

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ঐতিহাসিক বাছ যাত্ৰা

আনহাতে, দেওবাৰে সাহিত্য সভা ভৱনত 'NRC পাচৰ অসম শীৰ্ষক' ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰে অসম সাহিত্য সভা, নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু ষ্টুডিঅ' নিলীমায়ে ৷ নাগৰিকপঞ্জী খনৰ আসোঁৱাহ বিষয়ে কেতবোৰ তথ্য সহ বহু বক্তব্য আগবঢ়াই সদস্য সকলে । মেজমেলত কি কাৰণত ইমান সংখ্যক লোকৰ নাম NRC ত সোমাল আৰু 19 লাখৰ বাদ পৰিল তাৰ ওপৰতো বিশেষভাৱে আলোচনা কৰে । লগতে নাগৰিকপঞ্জীৰ কামত নিয়োজিত 52 হাজাৰ চৰকাৰী কৰ্মচাৰীৰ প্ৰতি কোনো আক্ষেপ নাই বুলি প্ৰকাশ কৰাৰ লগতে তেঁওলোকক কৃতজ্ঞতা জ্ঞাপন কৰে ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ঐতিহাসিক বাছ যাত্ৰা

ABOUT THE AUTHOR

...view details