হোজাই,১৯জুনঃ হোজাইত উত্তপ্ত পৰিস্থিতি । হোজাইৰ মোৰাঝাৰৰ ভাৰতীয় ষ্টেট বেংকটো স্থানান্তৰ কৰাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । মোৰাঝাৰত থকা SBIৰ শাখাটোত দীৰ্ঘদিন ধৰি কেলেংকাৰী চলি অহাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । ইফালে এই দুৰ্নীতি পোহৰলৈ অহাৰ পাছতো গাপ দিয়াৰ বাবে কৌশলেৰে বেংকটো স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে বেংক কৰ্তৃপক্ষই । প্ৰায় এক লাখ গ্ৰাহকৰ লগত সম্পৰ্ক থকা বেংকটো স্থানান্তৰ কৰাৰ ঘটনাত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । যাৰ বাবে অঞ্চলবাসীয়ে হোজাইৰ ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ ।
বেংক হস্তান্তৰকৰণঃ উত্তপ্ত হোজাই - এছ বি আই
হোজাইৰ মোৰাঝাৰৰ ভাৰতীয় ষ্টেট বেংকটো স্থানান্তৰ কৰাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ, বেংকটোত দুৰ্নীতি চলি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
বিগত দুবছৰ পৰা বেংকটোত কোটি -কোটি টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ একাংশ দালাল আৰু বেংক বিষয়াই শ-শ ভূৱা একাউন্ট খুলি ভিন্ন আঁচনি আৰু ঋণৰ নামত কেলেংকাৰী সংঘটিত কৰি আহিছে বুলি প্ৰতিবাদকাৰীসকলে দাবী উত্থাপন কৰে । ইফালে, একাংশ গ্ৰাহকৰ অজ্ঞাতেও তেওঁলোকৰ একাউন্টৰ পৰা লাখ-লাখ টকা হৰলুকী হোৱাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে । এই ঘটনা পোহৰলৈ অহাৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কেবাজন দালালক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । বেংক কৰ্তৃপক্ষইও নিলম্বন কৰে কেবাজনো কৰ্মচাৰীক । এই ঘটনাৰ পাছতেই স্থানীয় ৰাইজ আৰু ভুক্তভোগী গ্ৰাহকসকলে উক্ত দুৰ্নিতীৰ বিৰুদ্ধে আৰম্ভ কৰে প্ৰতিবাদ ।