হোজাই, 31 আগষ্ট :ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে সোমবাৰে হোজাই জিলাৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত পৌৰসভা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
ৰাজ্য চৰকাৰে 2013 চনৰ 4 ছেপ্তেম্বৰ তাৰিখে গ্ৰহণ কৰা পৌৰ কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণৰ কেবিনেট সিদ্ধান্ত কাৰ্যকৰী কৰি অধিসূচনা জাৰি কৰা, পৌৰ কৰ্মচাৰী সকলৰ 3 মাহৰ পৰা 27 মাহ পৰ্যন্ত অনাদায় দৰমহা অতিশীঘ্ৰে আদায় দিয়া, পৌৰসভাত কৰ্মৰত হৰিজন, চাফাই কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীক অতিশীঘ্ৰে নিয়মীয়াকৰণ কৰা, পৌৰ সভাত নতুন নিযুক্তি বন্ধ কৰা আদিৰ দাবীত জিলাখনৰ চাৰিটা পৌৰ সভাৰ কৰ্মীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সম্মূখত এই প্ৰতিবাদ সাব্যস্ত কৰে ।