হোজাই, 9 অক্টোবৰঃ এফালে ন-দিন ধৰি দেৱী বন্দনা আনফালে নাৰী নিৰ্যাতন ৷ দেৱীক পূজা কৰা পূজাৰীৰ হাততে সুৰক্ষিত নহয় কণমানি | নৱমী পূজাৰ দিনাই কন্যা শিশুক ধৰ্ষণৰ চেষ্টা ৷ শক্তিৰূপী দেৱীক আৰাধনা কৰা পুৰোহিতে চলালে আতিশায্য ৷ দূৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে হোজাইৰ লংকাত সংঘটিত হ’ল এই লজ্জাজনক ঘটনা ৷ দশমীৰ নিশাই ৰঙাঘৰৰ আলহী হ’ল দেৱী পূজা কৰা পূজাৰী ৷
উল্লেখ্য যে,কাকী ১নং টঙিয়া শিৱমন্দিৰৰ সমীপতে অনুষ্ঠিত হোৱা দূৰ্গাপূজাৰ পূজাৰী ননিকেশ শৰ্মাই নৱমীৰ দিনা এজনী কণমানিক পূজা বুলি ১০ টকা যাচি অপকৰ্মৰ চেষ্টা চলায় ৷ নাবালিকাগৰাকীৰ মাতৃয়ে পূজাৰীগৰাকীৰ অপকৰ্মৰ সম্ভেদ লাভ কৰি ঘটনা সম্পৰ্কে কাকী আৰক্ষীক অৱগত কৰাত দশমীৰ নিশাই আৰক্ষীয়ে লম্পটৰূপী পূজাৰীক আটক কৰে ৷