হোজাই,29 অক্টোবৰঃ কাইলৈ ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা । কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ ম্লান পৰিছে পূজাৰ আনন্দ-উচাহ ৷ ক’ভিড প্ৰট’কল মানি পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ । পূজাৰ বজাৰতো এইবাৰ কৰ’ণাৰ বিশেষ প্ৰভাৱ পৰিছে ।
লক্ষ্মী পূজাৰ উপলক্ষে হোজাই বজাৰত গ্ৰাহকৰ ভিৰ - ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ
ক’ভিড প্ৰট’কল মানি পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ । পূজাৰ বজাৰতো এইবাৰ কৰ’ণাৰ বিশেষ প্ৰভাৱ পৰিছে ।
লক্ষ্মী পূজাৰ উপলক্ষে হোজাই বজাৰত গ্ৰাহকৰ ভিৰ
তাৰমাজতে হোজাই পিয়লি মাৰ্কেটৰ সম্মূখৰ ফলমূলৰ বজাৰত বৃহস্পতিবাৰে আবেলি গ্ৰাহকৰ ভিৰ কৰা দেখা গ’ল। সকলো গ্ৰাহক ব্যস্ত পূজাত ব্যৱহৃত সামগ্ৰী ক্ৰয় কৰাত। লক্ষ্মী দেৱীৰ ফটো-মূৰ্তিৰ পৰা পূজাত ব্যৱহৃত ফল-মূল আৰু বন্তি ক্ৰয় কৰাত ব্যস্ত গ্ৰাহক।
লগতে পঢ়কঃ ডুমডুমাৰ দৈদাম চাহ বাগিছাত মৃতদেহ উদ্ধাৰ