হোজাই, 25 ছেপ্টেম্বৰঃ চপৰা চপৰকৈ খহিছে এটা ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ | কাণষাৰ নাই প্ৰশাসনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ভয়ংকৰ ফাট ৷ এইটো লামডিং বনাঞ্চলৰ মাজেৰে ম্যানমাৰ লৈ যোৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ ৷ বুধবাৰে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হ'ল ৰাষ্ট্ৰীয় ঘাইপথটোত ৷ চপৰা চপৰকৈ খহিল পথটোৰ বহু অংশ ৷
চপৰা চপৰকৈ খহিছে এটা ৰাষ্ট্ৰীয় ঘাইপথ - HOJAI FOUR LANE ROAD LANDSLIDE NEWS
যিকোনো মূহুৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ৷ বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত সংযোগ বিচ্ছিন্ন হোৱাৰ আশংকা ৷ ধাৰাষাৰ বৰষুণৰ ফলত ক্ৰমান্বয়ে খহিবলৈ লৈছে পথটো ৷
প্ৰায় দুশ ফুট পৰ্যন্ত তললৈ খহি যায় ৰাষ্ট্ৰীয় ঘাই পথটো। হোজাই জিলা লামডিং বনাঞ্চলৰ মাজত এনেদৰে সম্পূৰ্ণৰূপে পথছোৱা খহি যোৱাত এতিয়া মৰণফান্দলৈ ৰূপান্তৰিত হৈছে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথছোৱা। যি কোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে পথচোৱাত । বৰাকৰ প্ৰতিখন জিলাৰ পৰা গুৱাহাটীলৈ অহা এই পথটো এতিয়া যি কোনো মুহূৰ্ততে বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে । বিগত দুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত তললৈ খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ চোৱা।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যদি তৎকালীন ভাৱে পথ চোৱা মেৰামতি নকৰে তেনেহ'ল ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ৷ ইফালে প্ৰশাসনে পথৰ মাজত দুই এটা প্ৰকাণ্ড শিল আৰু তেলৰ ড্ৰাম ৰাখিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইফালে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত যোগাযোগৰ অন্যতম পথ হিচাপে বিবেচিত পথটোত যদি ভূমিস্খলন অব্যাহত থাকে তেনেহ'লে পথছোৱা সম্পূৰ্ণৰূপে খহি যোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় লোকসকলে ৷