অসম

assam

ETV Bharat / state

পুত্ৰক বচাবলৈ গৈ মৃত্যুক সাৱটিলে পিতৃয়ে

বিদ্যালয়ৰ পৰা আহি খেলি থকা অৱস্থাত বিদ্যুতস্পৃষ্ট হ'ল কিশোৰ ৷ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ ৷ বচাবলৈ গৈ পুত্ৰৰ গাত হাত দি মৃত্যুক সাবটিলে পিতৃয়ে ৷

পুত্ৰক বচাবলৈ গৈ মৃত্যুক সাৱটিলে পিতৃয়ে

By

Published : Sep 3, 2019, 8:17 AM IST

হোজাই,3চেপ্তেম্বৰঃ হোজাই জিলাৰ লংকাৰ জোৰাপুখুৰীত শোকাৱহ ঘটনা ৷ বিদ্যুতস্পৃষ্ট হৈ আহত হোৱা পুত্ৰক বচাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে পিতৃয়ে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ জোৰাপুখুৰী গাঁৱত জয়দেৱ দাস নামৰ কিশোৰ জনে বিদ্যালয়ৰ পৰা আহি খেলি থকা অৱস্থাতেই কাষতে থকা বিদ্যুতৰ তাঁৰ স্পৰ্শ কৰি চিঞৰ বাখৰ কৰিবলৈ ধৰে ৷

পুত্ৰক বচাবলৈ গৈ মৃত্যুক সাৱটিলে পিতৃয়ে

পিতৃ যোগ্যশ্বৰ দাসে বচাবলৈ আহি হঠাৎ নিজ পুত্ৰক স্পৰ্শ কৰাত দুয়োজন বিদ্যুতৰ তাঁৰত লাগি ঠাইতেই চটফটাবলৈ ধৰে ৷ পিছত স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুয়োজনক | আনহাতে পিতা পুত্ৰ দুয়োকে পৰিয়ালৰ লোকে হোজাই চিকিৎসালয়লৈ লৈ যায় যদিও পিতৃ যোগ্যশ্বৰ দাসক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ আনহাতে পুত্ৰ জয়দেৱ দাসেও বৰ্তমান জীৱন মৰণৰ সৈতে যুঁজি আছে হোজাইৰ ডে চিকিৎসালয়ত ৷ উক্ত ঘটনাৰ পাছত সমগ্ৰ অঞ্চলজুৰি এক শোকৰ ছাঁ পৰিছে ৷

ABOUT THE AUTHOR

...view details