হোজাই,২২ এপ্ৰিল:হোজাই জিলাত বৃদ্ধি হৈছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ১০০ গৰাকী অতিক্ৰম কৰাৰ লগে লগে কঠোৰ হৈছে জিলা প্ৰশাসন । অসম চৰকাৰৰ শিক্ষা বিভাগৰ আহ্বান মৰ্মে অনুসৰি জিলা উপায়ুক্ত ডা০ সদনেক সিঙে বৃহস্পতিবাৰে এক অধিসূচনা জাৰি কৰে ।
অধিসূচনা অনুসৰি ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ৫০ শতাংশ শিক্ষার্থীৰে পাঠদান চলিব । তাৰোপৰিও হোজাই জিলাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহতো ৫০ শতাংশ শিক্ষার্থীৰে পাঠদান চলিব । এই ক্ষেত্ৰত শিক্ষানুষ্ঠান কর্তৃপক্ষই পাঠদানৰ সময় সূচী প্রস্তুত কৰাৰ ক্ষেত্ৰত সতর্ক হ'ব লাগিব যাতে ছাত্র-ছাত্রীৰ অধিক সমাগম নহয় ৷ লগতে শিক্ষানুষ্ঠান কর্তৃপক্ষই প্রাতঃ সভা অনুষ্ঠিত কৰিব নোৱাৰিব লগতে শিক্ষার্থীসকলক ক'ভিড-১৯ৰ বিধি নিয়মসমূহ পালন কৰাৰ ক্ষেত্ৰত শিক্ষা দিব লাগিব ৷ পাঠদানৰ ক্ষেত্ৰত শিক্ষানুষ্ঠান কর্তৃপক্ষই অনলাইন ব্যৱস্থাক অগ্রাধিকাৰ দিব লাগিব ।