হোজাই,21জুলাইঃ এটা মৃতদেহৰ ওপৰেৰে পাৰ হৈছে এখনৰ পাচত ইখন ৰে'ল ৷ কিন্তু যেন দেখিও নেদেখাৰ ভাও ধৰিছে সকলোৱে৷ বাৰম্বাৰ খবৰ দিয়াৰ পাচতো কাণসাৰ দিয়া নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই ঘটনা হোজাই জিলাৰ লংকাত ৷ ঘটনা অনুসৰি পুৱাই লংকা আৰু হাৱাইপুৰ ৰে'ল ষ্টেচনৰ মাজত ৰে'লৰ খুন্দাত নিহত হয় এজন যুৱক | ৰে'ল লাইনত পৰিত্যক্ত অৱস্থাত এজন অচিনাক্ত যুৱকৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি লংকা ৰে'ল ষ্টেচন তথা ৰেল আৰক্ষীক খবৰ দিয়ে যদিও বৰ্তমানলৈকে কেইবা ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো ঘটনাস্থলীত উপস্থিত হোৱা নাই লংকা ৰে'ল আৰক্ষী |
লংকাত মৃতদেহৰ ওপৰেৰে পাৰ হৈছে ইখনৰ-পাছত সিখন ৰে'ল - NF railway
হোজাই জিলাৰ লংকাত ৰে'লৰ খুন্দাত নিহত এজন যুৱক ৷ পৰিতক্ত মৃত দেহটোৰ ওপৰেদিয়েই পাৰ হৈ গৈ আছে এখনৰ পিছত আনখন ৰে'ল ৷ স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত ৰে'ল আৰক্ষীক জনোৱাৰ পাচতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷
হোজাইত নিহত যুৱকৰ ওপৰেৰে পাৰ হৈছে ইখনৰ পাচত সিখন ৰে'ল; কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ
ইপিনে ঘটনা সন্দৰ্ভত ৰে'লৰ কেৰিং বিভাগত কৰ্মৰত কৰ্মচাৰীয়েও লংকা ৰে'ল আৰক্ষীক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত নহ'ল লংকা ৰে'ল কৰ্তৃপক্ষ | যাৰ বাবে উক্ত পৰিত্যক্ত মৃতদেহটোৰ ওপৰেদিয়েই পাৰ হৈ গৈ আছে এখনৰ পিছত আনখন ৰে'ল ৷