হোজাই, 13 জুলাই : হোজাইৰ বিধায়ক শিলাদিত্য দেৱে পদত্যাগ কৰাৰ ক্ষেত্ৰত অৱশেষত মুখ খুলিছে হোজাই জিলাৰ বিজেপি কৰ্মকৰ্তাই ৷ বিজেপি কৰ্মকৰ্তাৰ অভিযোগ অনুসৰি,বিধায়ক গৰাকীয়ে পদত্যাগ কৰাৰ ক্ষেত্ৰত অৱগত কৰা নাই জিলা বিজেপিৰ কৰ্মকৰ্তাক ৷ আনকি,হোজাই জিলাৰ বিজেপি সভাপতি গৰাকীকো জনোৱা নাছিল কোনো কথা । এই কথা স্পষ্ট কৰিলে হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দেৱে । আনকি,বিধায়ক গৰাকীৰ বহুবোৰ কথাক বিৰোধিতা কৰে জিলা সভাপতি গৰাকীয়ে ৷
দলীয় সংঘাতৰ বাবে হয়তো পদত্যাগ কৰিছে নেকি হোজাইৰ বিধায়ক শিলাদিত্য দেবে ? আনহাতে, 12 জুলাইত বিধায়ক গৰাকীয়ে পদত্যাগ কৰাৰ পিচতে 13 জুলাইত জিলা পৰিষদৰ উপ-সভাপতি নুৰ আহমেদক ততালিকে বিজেপিত যোগদান কৰা সন্দৰ্ভত বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত ৷ জানিব পৰা মতে,জিলা পৰিষদৰ উপ-সভাপতি নুৰ আহমেদে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি নিৰ্দলীয় হৈ আছিল ।
দলীয় সংঘাতৰ বাবে হয়তো পদত্যাগ কৰিছে নেকি হোজাইৰ বিধায়ক শিলাদিত্য দেবে ? ইফালে,জিলা পৰিষদত অবাধ দুৰ্নীতি সন্দৰ্ভতো কয় যে,পুৰণি পৰিষদৰ কিছু পুঁজি আছিল যদিও পৰিষদত পুঁজিক লৈ কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হোৱা নাই ।
ইফালে, প্ৰাক্তন সভাপতি অৰ্জুন মজুমদাৰে কয় যে,বিধায়ক শিলাদিত্যই কিছু দিনৰ পৰা এনেকুৱা ধৰণৰ কথা কৈ দলীয় কৰ্মী সকলৰ মনোৱল ভাঙিছে । লগতে, বিধায়ক গৰাকীয়ে কোৱা অভিযোগক স্পষ্ট কৰিবলৈ আহ্বান জনাই প্ৰাক্তন সভাপতি গৰাকীয়ে ৷ লগতে,হোজাই বিজেপিত কোনো ধৰণৰ দল কেন্দ্ৰীক ৰাজনীতি সংঘটিত হোৱা নাই বুলি স্পষ্ট কৰিলে সভাপতি গৰাকীয়ে ৷ বিধায়ক গৰাকীয়ে অৰ্জুন মজুমদাৰক নাৰীৰ লগত অপকৰ্ম কৰা বুলি সংবাদমেলত যি মন্তব্য আগবঢ়াইছিল তাৰ সন্দৰ্ভত অৰ্জুন মজুমদাৰে কয় যে,মোৰ এটা পৰিয়াল আছে । এনে বোৰ কথা দুনাই যাতে শিলাদিত্যই নকয় । ৰাজনৈতিক ভাৱে যি কয় কওঁক কিন্তু ব্যক্তিগত ভাৱে যাতে শিলাদিত্যক এনেকুৱা মন্তব্য প্ৰদান নকৰিবলৈ আহ্বান জনাই ।
লগতে পঢ়ক : কৰ'ণাক পৰাস্ত নগাঁৱৰ দুই চাফাই কৰ্মীৰ