হোজাই, 29 জুলাই :বুধবাৰে আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা হোজাইৰ 11 গৰাকী অপ্ৰাদেশীকৃত শিক্ষকলৈ 10 হাজাৰ টকাকৈ নগদ 1 লাখ 10 হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৷
হোজাইৰ 11 গৰাকী অপ্ৰাদেশীকৃত শিক্ষকলৈ আজমল ফাইণ্ডেচনৰ সাহায্য হোজাইৰ 11 গৰাকী অপ্ৰাদেশীকৃত শিক্ষকলৈ আজমল ফাইণ্ডেচনৰ সাহায্য জানিব পৰা মতে,চৰকাৰীভাৱে উপেক্ষিত শিক্ষক সকলে অতি দুখ-কষ্টৰ মাজেৰে পৰিয়াল পোহপাল দি আহিছে ৷ যাৰবাবে এই শিক্ষক সকলক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফুলাম গামোচা,আৰু নগদ দহ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৷
হোজাইৰ 11 গৰাকী অপ্ৰাদেশীকৃত শিক্ষকলৈ আজমল ফাইণ্ডেচনৰ সাহায্য হোজাইৰ 11 গৰাকী অপ্ৰাদেশীকৃত শিক্ষকলৈ আজমল ফাইণ্ডেচনৰ সাহায্য উল্লেখ্য যে,মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলৰ নিৰ্দেশত পুনৰ তেওঁলোকক 10 হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হ'ব বুলি আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খছৰুল ইছলামে জানিবলৈ দিয়ে ৷
হোজাইৰ 11 গৰাকী অপ্ৰাদেশীকৃত শিক্ষকলৈ আজমল ফাইণ্ডেচনৰ সাহায্য লগতে পঢ়ক : ঈদ-উল-আজহা উপলক্ষে ঘৰতে নামাজ আদায় কৰিবলৈ আহ্বান শিৱসাগৰ প্ৰশাসনৰ