অসম

assam

ETV Bharat / state

চিকিৎসক হৈ সমাজ সেৱাৰ ইচ্ছা দশম স্থানপ্ৰাপ্ত সাগ্নিক বণিকৰ - হোজাই ডন ব'স্ক স্কুল

হোজাই ডন ব'স্ক স্কুলৰ পৰা অসমৰ ভিতৰত দশম স্থান লাভ সাগ্নিক বণিক নামৰ ছাত্ৰৰ ৷ মুঠ ৫৮৩ নম্বৰেৰে দশম স্থান লাভ সাগ্নিক বণিকৰ ৷  মুঠ ৫৮৩ নম্বৰেৰে দশম স্থান লাভ হোজাই ডন বস্ক' স্কুলৰ ছাত্ৰগৰাকীৰ ৷

হোজাই ডন ব'স্ক স্কুলৰ পৰা অসমৰ ভিতৰত দশম স্থান লাভ সাগ্নিক বণিকৰ

By

Published : May 15, 2019, 1:45 PM IST

হোজাই, 15 মে': হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোজাইলৈ গৌৰৱ কঢ়িয়াই আনিলে সাগ্নিক বণিকে ৷ মুঠ ৫৮৩ নম্বৰেৰে দশম স্থান লাভ হোজাই ডন বস্ক' স্কুলৰ ছাত্ৰগৰাকীৰ ৷ হোজাইৰ গোবিন্দপল্লী নিবাসী তথা বি এছ এন এলৰ তেজপুৰ চক্ৰ বিষয়া সমীৰ কুমাৰ বণিক আৰু হোজাই দেশবন্ধু বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী সুপৰ্ণা বণিকৰ একমাত্ৰ সন্তান সাগ্নিক বণিক ।

হোজাই ডন ব'স্ক স্কুলৰ পৰা অসমৰ ভিতৰত দশম স্থান লাভ সাগ্নিক বণিকৰ

সাগ্নিকে গণিত আৰু সমাজবিদ্যাত এশ নম্বৰ লাভ কৰাৰ বিপৰীতে অসমীয়াত ৯৩, সাধাৰণ বিজ্ঞানত লাভ কৰে ৯৬ নম্বৰ । সাগ্নিকৰ এই ফলাফলত শিক্ষানুষ্ঠানখনত বিৰাজ কৰিছে এক আনন্দ মুখৰ পৰিৱেশ ৷ ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হৈ মানৱ সেৱাত ব্ৰতী হোৱাৰ সপোন মেধাবী ছাত্ৰগৰাকীৰ ।

ABOUT THE AUTHOR

...view details