অসম

assam

ETV Bharat / state

স্বাস্থ্য বিভাগৰ নমুনা : নাহে এম্বুলেঞ্চ, ঠেলাৰেই চিকিৎসালয়লৈ প্ৰসূতি - hojai

অসাৰ চৰকাৰৰ উন্নয়নৰ শ্ল'গান ৷ ১০৮ এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হৈ ঠেলাতেই চিকিৎসালয়লৈ নিবলগীয়া হৈছে প্ৰসূতি |

অসাৰ স্বাস্থ্য বিভাগ

By

Published : Jul 12, 2019, 2:27 PM IST

হোজাই, 12 জুলাই : অসাৰ ৰাজ্য চৰকাৰৰ উন্নয়নৰ শ্ল'গান ৷ অসাৰ ১০৮ এম্বুলেন্স সেৱা ৷ স্বাস্থ্যখণ্ডৰ স্বৰূপ আজিও ঠেলা গাড়ীয়েই ৷ ১০৮ এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হৈ ঠেলাতেই চিকিৎসালয়লৈ নিবলগীয়া হৈছে প্ৰসূতি ৷ এই ঘটনা হোজাইৰ কাকী গ্ৰামাঞ্চলৰ ৷ অঞ্চলটোৰ এগৰাকী গৰ্ভৱতীক মহিলাৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ বাবে 108 জৰুৰী সেৱালৈ যোগাযোগ কৰা হয় ৷ যদিও পকীপথ তথা পথৰ সুবিধাজনক ব্যৱস্থা নথকাৰ বাবেই অঞ্চলটোলৈ মৃত্যুঞ্জয় সেৱাৰ গাড়ী আহিবলৈ অমান্তি হয় ৷ ফলত এনেদৰে ঠেলাত মহিলাগৰাকীক লৈ যোৱা হয় কাকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ ৷ স্বাস্থ্যকেন্দ্ৰটোত মহিলাগৰাকীয়ে এটি সন্তান প্ৰসৱ কৰে যদিও ঠেলাৰে কঢ়িয়াই আনি গভৰ্ৱতী মহিলাক এইদৰে প্ৰসৱ কৰা এনে ঘটনাই উদঙাই দিছে স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপ ৷

অসাৰ স্বাস্থ্য বিভাগ

ABOUT THE AUTHOR

...view details