হোজাই, 20 মে’:ক্ৰমাৎ উন্নত হৈছে হোজাইৰ বান পৰিস্থিতি (Flood situation in Hojai gradually improves) ৷ বিগত কেবাদিনো ধৰি নদীৰ বাঢ়নী পানীয়ে হোজাই জিলাৰ অন্তৰ্গত হোজাই, ডবকা আৰু লংকা ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰে ৷ জিলাখনৰ বহু অঞ্চল এতিয়াও আছে পানীৰ তলত (Flood in Hojai ) ৷
হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে জানিব দিয়া মতে, জিলাখনৰ হোজাই, ডবকা আৰু লংকা ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চলৰ পৰা পানী ক্ৰমান্বয়ে কমি আহিছে ৷ এই পৰ্যন্ত সেনাবাহিনীৰ লগতে এছডিআৰএফৰ উদ্ধাৰকাৰী দলৰ সহযোগত অভিযান চলাই প্ৰায় সাত হেজাৰ লোকক জিলাখনৰ নানান অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে কয় ৷