অসম

assam

ETV Bharat / state

বহিঃৰাজ্যত পুত্ৰৰ মৃত্যুক কেন্দ্ৰকৰি পৰিয়ালত হাহাকাৰ - পুত্ৰৰ মৃত্যুক কেন্দ্ৰকৰি পৰিয়ালত হাহাকাৰ

কেৰেলাত(KERALA) কাম কৰিবলৈ গৈ ৰহস্যজনকভাবে মৃত্যু হয় এজন শ্ৰমিকৰ ৷ শ্ৰমিকজনৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালটোত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

Family outing over son's death in outer state
বহিঃৰাজ্যত পুত্ৰৰ মৃত্যুক কেন্দ্ৰকৰি পৰিয়ালত হাহাকাৰ

By

Published : Jun 18, 2021, 10:55 PM IST

হোজাই,18 জুন: মাত্ৰ ১২ দিন পূৰ্বে কেৰালা (KERALA)লৈ কাম কৰিবলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু হয় এজন শ্ৰমিকৰ ৷ নিহত শ্ৰমিকজনৰ নাম শ্বাৰুখ আহমেদ ৷ ঘৰ হোজাই জিলা (HOJAI DISTRICT)ৰ লংকাৰ দক্ষিণ লস্কৰ পথাৰত বুলি জানিব পৰা গৈছে ৷ শ্ৰমিকজনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই এতিয়া শোকত ভাগি পৰিছে পৰিয়ালৰ লোকসকল ৷

ইফালে বহিঃৰাজ্যত মৃত্যু হোৱা শ্বাৰুখ আহমেদৰ মৃত্যুৰ খবৰে বিপাঙত পেলাইছে পৰিয়ালৰ লোকসকলক । কিয়নো শ্বাৰুখৰ মৃতদেহটো ঘৰলৈ অনাৰ বাবে প্ৰয়োজন হৈছে বহু ধনৰ। কোনোমতে দিনহাজিৰা কৰি পৰিয়ালটো পোহপাল দি আছিল যদিও পুত্ৰৰ মৃত্যুৰ বাতৰিয়ে পৰিয়ালটোত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ পুত্ৰৰ মৃতদেহটো আনিবলৈ পৰিয়ালটোৰ হাতত নাই ধন ৷ নিৰুপাই হৈ পুত্ৰৰ মৃতদেহটো ঘৰলৈ অনাৰ ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰ ASSAM GOVERMENT) তথা সাংসদ ( MP BADARUDIN AJMOL) বদৰুদ্দিন আজমললৈ সহায়ৰ বাবে আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।

বহিঃৰাজ্যত পুত্ৰৰ মৃত্যুক কেন্দ্ৰকৰি পৰিয়ালত হাহাকাৰ

ইফালে শ্বাৰুখ আহমেদৰ মৃত্যুক লৈ এক ৰহস্যৰ উমান পাইছে বুলি সাংবাদিকৰ আগত পৰিয়ালৰ লোকে সদৰি কৰিছে । কেৰেলাত থকা নিজ শোৱা কোঠালীৰ পৰাই উদ্ধাৰ কৰিছে শ্বাৰুখ আহমেদৰ মৃতদেহটো । ইতিমধ্যে কেৰেলা আৰক্ষী (KERALA POLICE)য়ে মৃতদেহটো উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে যদিও আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব উক্ত ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷

সমগ্ৰ ঘটনাটোক লৈ এতিয়া হোজাই জিলাৰ দক্ষিন লস্কৰ পথাৰত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ । শীঘ্ৰেই শ্ৰমিকজনৰ মৃতদেহটো আনি দিবলৈ চৰকাৰক টানি অনুৰোধ জনাইছে পৰিয়ালৰ লোক সকলে ৷

লগতে পঢ়ক-গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন কিশোৰৰ

ABOUT THE AUTHOR

...view details