অসম

assam

ETV Bharat / state

গাহৰি পালন, ব্ৰইলাৰ মাংস বিক্ৰীয়ে অপৰাধ পাঁচটাকৈ পৰিয়ালৰ

গাহৰি পালন, ব্ৰইলাৰ মাংস বিক্ৰী কৰাৰ অপৰাধত কাকীৰ এখন গাঁৱৰ পাঁচটা পৰিয়ালক এঘৰীয়া কৰিলে গাঁৱৰ ৰাইজে । বিগত বৰ্ষতো কেইবা ঠাইতো এনে ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছিল ৷ এতিয়া প্ৰশ্ন হয় গাহৰিৰ চাহিদা বৃদ্ধি পোৱাৰ সময়ত নিজ ৰাজ্যতেই সুন্দৰকৈ স্বাৱলম্বীতাৰ পথ বাচি বাবে কিয় এনে ধৰণৰ অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছে বহু পৰিয়াল ৷

By

Published : Jul 23, 2021, 8:18 PM IST

গাহৰি পালন, ব্ৰইলাৰ মাংস বিক্ৰীয়ে এঘৰীয়া কৰিলে পাঁচটা পৰিয়াল
গাহৰি পালন, ব্ৰইলাৰ মাংস বিক্ৰীয়ে এঘৰীয়া কৰিলে পাঁচটা পৰিয়াল

হোজাই, 23 জুলাই :লকডাউনৰ সময়ত ভিন্ন জনে চাকৰিৰ পৰা অব্যাহতি ল’বলগীয়া ঘটনা ঘটিয়েই আছে ৷ এই ভয়াৱহ মহামাৰীৰ সময়ছোৱাত বিভিন্ন ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় সামৰিবলগীয়া ঘটনাৰো নজিৰ আছে ৷ একাংশই আকৌ এই লকডাউনতেই বাচি লৈছে উপাৰ্জনৰ সুকীয়া পথ ৷ কোনোৱে যদি ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম খুলিছে কোনোৱে আকৌ গাহৰি পালন, ব্ৰইলাৰ মাংস বিক্ৰী কৰা পৰিলক্ষিত হৈছে ৷

কিন্তু একাংশৰ বাবে ই হৈ পৰিছে এতিয়া অভিশাপ স্বৰূপ ৷ কাকীত সংঘটিত হৈছে এনে এক অবাঞ্চিত ঘটনা ৷ কেৱল ব্ৰইলাৰ মাংস বিক্ৰী কৰা আৰু গাহৰি পালনৰ অপৰাধত এঘৰীয়া হ’ল পাঁচটাকৈ পৰিয়াল ৷ কাৰোবাক দুবছৰ, কাৰোবাক এবছৰ আৰু এটা পৰিয়ালক ছমাহৰ বাবে গাঁৱৰ ৰাইজে মিলি কৰিলে এঘৰীয়া ।

গাহৰি পালন, ব্ৰইলাৰ মাংস বিক্ৰীয়ে এঘৰীয়া কৰিলে পাঁচটা পৰিয়াল

গাহৰি পালন কৰি উপাৰ্জনমুখী হোৱা আৰু ব্ৰইলাৰ কুকুৰা কাটি বিক্ৰী কৰাৰ বাবেই কাকীৰ মৰমী চেণ্টাৰত অসমীয়া সমাজে পাঁচটাকৈ অসমীয়া পৰিয়ালক এঘৰীয়া কৰা কাৰ্যই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

যি সময়ত ৰাজ্যজুৰি নিবনুৱা সমস্যাই গুৰুতৰ সমস্যা ৰূপে থিয় দিছে, তেনে সময়ত কাকীৰ মৰমী চেণ্টাৰ অঞ্চলৰ নিবনুৱা যুৱক কেইজমানে কর্ম সংস্থাপনৰ বাবে আনৰ ওপৰত আশা নকৰি স্বাধীনভাৱে ঘৰতেই উপাৰ্জনৰ পথ হিচাপে গাহৰি পালন কৰিবলৈ লৈ নতুন সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ল । বিগত বৰ্ষতো বিভিন্ন অঞ্চলত এনে ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছিল ৷

এতিয়া প্ৰশ্ন হয় গাহৰিৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে নিজ ৰাজ্যতেই সুন্দৰকৈ স্বাৱলম্বীতাৰ পথ বাচি লোৱাৰ একাংশই বাৰে বাৰে কিয় এনে ধৰণৰ অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ’বলগীয়া হয় ৷ স্থানীয় লোকে বজাৰ দখল কৰিব পৰা ক্ষমতা থকাৰ পিচতো কেৱল মাত্ৰ এনেধৰণৰ সীমিত চিন্তাৰ বাবেই পিছপৰি ৰ’ব নেকি আমাৰ সমাজৰ উদীয়মান যুৱক ?

লগতে পঢ়ক:আমগুৰিত বৃহৎ পৰিমাণৰ চুলাই নষ্ট

ABOUT THE AUTHOR

...view details