হোজাই, 1 জুন : দেশত কৰ'ণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে হোজাইত সংহত শিশু উন্নয়ন প্ৰকল্পত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ লংকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ দ্ধাৰা শিশুসকলৰ মাজত পোকে ধৰা চাউল,মটৰ মাহ বিতৰণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
উন্নয়ন প্ৰকল্পটোৰ জৰিয়তে শিশুসকলক পুষ্টিকৰ খাদ্য সামগ্ৰী বিতৰণ কৰিব লাগে যদিও বৰ্তমান পোকে ধৰা খাদ্য সামগ্ৰী বিতৰণ কৰাক লৈ সচেতন মহলৰ মাজত বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে ৷ প্ৰতি বছৰে বিভাগটোৰ নামত বৃহৎ পুজি ব্যয় কৰা হয় যদিও একাংশ দুৰ্নীতিগ্ৰস্ত লোকে ধন হৰলুকি কৰি পুষ্টিকৰ খাদ্যৰ নামত নিম্ন মানৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ অভিযোগ অভিযোগকাৰীৰ ৷